জীৱাণু মুক্ত’ প্ৰেমিকা বিচাৰি প’ষ্টাৰ আঁৰিলে যুৱকে 

Google

Google

কৰ’না ভাইৰাছৰ বাবে সকলোৱে  মানি চলিব লগা হৈছে সামাজিক দূৰত্ব।ইচ্ছা কৰিও লগ কৰিব নোৱাৰে এজনে আনজনক । ইণ্টাৰনেট , ম’বাইল আদিৰ মাধ্যমেৰে মানুহে প্ৰেমৰ সম্পৰ্ক অটুট ৰাখিবলগীয়া হৈছে।ঠিক এই সময়তে নিউয়ৰ্কত ঘটিল এটা আমোদজনক ঘটনা। প্ৰেমিকা বিচাৰি এজন যুৱকে ৰাজপথত আৰিলে প’ষ্টাৰ ।
কিন্ত  প’ষ্টাৰ খনত আছে এটা চৰ্ত,প্ৰেমিকা হ’ব লাগিব জীৱাণু মুক্ত।যুৱকেও প’ষ্টাৰ খনত নিজকে স্বাস্থ্যবান, আকৰ্ষণীয় আৰু ভাল উপাৰ্জনকাৰী বুলিয়ে উল্লেখ কৰিছে।এই যুৱক জন হ’ল নিউয়ৰ্কৰ ,নাম ব্ৰেড ।প’ষ্টাৰ খনত ব্ৰেডে  নিজৰ ই-মেইল আই ডিও উল্লেখ কৰিছে ।৩০ বছৰীয়া এই যুৱক জনে প্ৰেমিকা বিচাৰি নিউয়ৰ্কৰ বিভিন্ন পথত  প’ষ্টাৰ আৰিলে।
এক সংবাদ মাধ্যমৰ আগত ব্ৰেডে কয় ,’তলাবন্ধ আৰম্ভ হোৱাৰ সময়ত মই অকলশৰীয়া আছিলো।সামাজিক দূৰত্বৰ কাৰণে এতিয়া নতুন মানুহৰ স’তে দেখা কৰাটো সম্ভৱ হোৱা নাই ।এয়া আকস্মিক শাৰীৰিক সম্পর্কৰো সময় নহয় ।সেয়ে মই দীর্ঘ ম্যাদৰ সম্পৰ্ক বিচাৰিছো।’ অৱশ্যে কেইবাগৰাকী যুৱতীৰ পৰা সহাঁৰি ও পাইছে ব্ৰেডে ।কিন্ত ‘জীৱাণুমুক্ত প্ৰেমিকা’ সঠিক কি ,সেই বিষয়ত তেওঁ একো সদৰী কৰা নাই ।
Exit mobile version