এবছৰলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন, বাতিল মৰগীয়া বানছ

Central
ক’ৰনা যুদ্ধত সহায়ৰ বাবে ইতিমধ্যে দৰমহা কমিল মন্ত্ৰী-সাংসদ সকলৰ। এইবাৰ কোপ পৰিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনটো। মাৰ্চৰ পৰা পৰৱৰ্তী এটা বছৰৰ বাবে প্ৰতিমাহে কেন্দ্ৰীয় চৰকাৰৰ বিষয়া-কৰ্মচাৰীৰ এদিনৰ দৰমহা যাব পি এম-কেয়াৰ্ছ তহবিললৈ। আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনভোগী সকলৰ বছৰত দুবাৰ মৰগীয়া বানচ বৃদ্ধিৰ পৰা বঞ্চিত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ বিভাগৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে।
উল্লেখ্য যে এই মাৰাত্মক জীৱাণুৰে সংগ্ৰামৰ বাবে এই পৰ্যন্ত কোনো শক্তিশালী অস্ত্ৰ ওলোৱা নাই। অথচ চিকিৎসা ব্যৱস্থাৰ উন্নতিৰ যোগেদিহে সংক্ৰমণ ৰোধ কৰা সম্ভৱ। ইয়াৰ বাবে চৰকাৰক বিপুল পৰিমাণৰ ধনৰ আৱশ্যক। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহে নিজাববীয়াকৈ ত্ৰাণ তহবিল গঢ়ি সেই ধন সংগ্ৰহৰ চেষ্টা অব্যাহত ৰাখিছে। তাৰেই অংশৰূপে ইয়াৰ আগতে মন্ত্ৰী আৰু সাংসদ সকলৰ দৰমহাৰ ৩০% কৰ্তন কৰি প্ৰধানমন্ত্ৰীৰ ত্ৰাণ তহবিলত দিয়া হৈছিল। এবছৰৰ বাবে এই নিয়ম প্ৰযোজ্য হৈ থাকিব। ইয়াৰ দ্বাৰা বহুখিনি ধন সংগ্ৰহ হব বুলি ধাৰণা কৰিছে বিশেষজ্ঞই। লাঘৱ  হব ক’ৰণা মুকবিলাৰ ব্যয়ৰ ওজন। এইবাৰ সেই একেই নিয়ম  প্ৰয়োগ হল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ ক্ষেত্ৰত। অৱশ্যে  এবছৰলৈ তেওঁলোকে এদিনৰ দৰমহাহে দিব লাগিব। উল্লেখ্য যে ক’ভিড-১৯ যুদ্ধত যিসকল কেন্দ্ৰীয় কৰ্মচাৰী পোনপটীয়াকৈ যুক্ত হৈ আছে, তেওঁলোকেও প্ৰতি মাহে এদিনৰ দৰমহা দি বৰ্ধিত সাহায্য কৰিব।
কেন্দ্ৰৰ ৰাজহ বিভাগৰ তৰফৰ পৰা দিয়া নিৰ্দেশিকাত লগতে কোৱা হৈছে যে মহামাৰী মোকাবিলাৰ বাবেই সম্প্ৰতি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ মৰগীয়া বানচ বৃদ্ধি কৰা নহয়। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত সকলে সচৰাচৰ বছৰি দুবাৰ এই সুবিধা ভোগ কৰি আহিছে। জানুৱাৰী আৰু অক্টোবৰত নিৰ্দিষ্ট হাৰত মৰগীয়া বানচ বৃদ্ধি হয়। কিন্তু এইবাৰ পৰিস্থিতি ভিন্ন। দেশজুৰি মহামাৰী প্ৰকোপত চৰকাৰী কোষাগাৰ সমূহতো চাপ বৃদ্ধি পাইছে। তলা বন্ধৰ বাবে বন্ধ হৈ আছে উদ্যোগ – বাণিজ্য। ফলত উপাৰ্জনৰ পথো সম্প্ৰতি বন্ধ। সকলো মিলাই এই বিৰাট চাপ সম্ভালিবলৈ কৰ্মচাৰীসকলকে দায়িত্ব দিলে কেন্দ্ৰই। পৰৱৰ্তী এবছৰলৈ এইসকল কৰ্মচাৰীৰ এদিনৰ দৰমহা প্ৰধানমন্ত্ৰী ৰ ত্ৰাণ তহবিললৈ দান কৰিলে কিছু সকাহ পোৱা যাব বুলি আশা কৰা হৈছে। উল্লেখ্য যে এপ্ৰিলত প্ৰাপ্ত দৰমহাতে এদিনৰ ধন কাটি লোৱা হৈছে। ২০২১ ৰ মাৰ্চ পৰ্যন্ত এই হাৰতে ধন কৰ্তন কৰা হ’ব।
Exit mobile version