সুদীৰ্ঘ ২০৫ দিন মহাকাশত কটাই আহিয়ে যাব লগা হ’ল কোৱাৰেন্টাইনত

Jsika

Space Station Astronauts Coming Home

কৰ’না ভাইৰাছৰ আতংকত সম্প্ৰতি সমগ্ৰ বিশ্বই কম্পমান হৈ আছে ।অথচ ইয়াৰ কোনো ভূ-কে পোৱা নাছিল তিনিজনে ৷কিয়নো মহাকাশত নাছিল কৰ’নাৰ কোনো আধিপত্য ৷সেয়ে দীৰ্ঘদিন ধৰি তিনিওজন সুখতে আছিল ৷কিন্তু শুক্ৰবাৰে পৃথিৱীত ভৰি দিয়েই পৰিস্থিতি দেখি স্তম্ভিত হৈ পৰে দুজন মাৰ্কিন আৰু এজন ৰুছ মহাকাশচাৰী ৷একেৰাহে ২০৫ টা দিন তেওঁলোক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত কটাই শুকুৰবাৰে কৰ’না আক্ৰান্ত পৃথিৱীলৈ ঘূৰি আহে ৷সুৰক্ষাবৰ্ম পৰিধান কৰি পৃথিৱীত ভৰি থৈয়েই সমগ্ৰ বিশ্ববাসীৰ আৰোগ্য কামনা কৰে তেওঁলোকে ৷
শুকুৰবাৰে দিনৰ ১১ বাজি ১৬ মিনিটত কাজাখাস্তানৰ দক্ষিণ পূবৰ ভূমিত আহি নামে ছায়ুজ কেপচুল ৷মহাকাশচাৰী আমেৰিকাৰ জেছিকা মেয়াৰ আৰু এণ্ড্ৰু ম’ৰ্গান তথা ৰাছিয়াৰ অ’লেগ স্ক্ৰিপ’স্কা ৷তেওঁলোকৰ অভ্যৰ্থনা জনাবলৈ আছিল স্বাস্থ্যকৰ্মীৰ এটা দল। সকলোৰে শৰীৰ আৰু মুখ আছিল পিপিই আৰু মাস্কৰ দ্বাৰা ৷উক্ত স্থানতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। ইয়াৰ পিছত কাজাখস্তানৰ সেই মহাকাশ যান অৱতৰণস্থলীৰ পৰাই তেওঁলোকে নিজ নিজ দেশলৈ উৰা মাৰে ৷
ৰাছিয়াৰ বৈকানুৰ হৈ মস্কোলৈ উভতি যায় অ’লেগ ৷সেইদৰে জেছিকা আৰু এন্ড্ৰুকো বিশেষ বিমানেৰে আমেৰিকালৈ প্ৰেৰণ কৰা হয়। ইফালে তেওঁলোকক ৰখা হ’ব কোৱাৰেন্টাইনত আৰু হ’ব ক’ভিড১৯ ৰ পৰীক্ষা৷এই সন্দৰ্ভত ৰাছিয়াৰ স্পেচ এজেন্সী ৰছকছমছৰ সূত্ৰৰ মতে স্পেচ ক’ৰ্পোৰেছনত কৰ্মৰত প্ৰায় ৫০ জনৰ শৰীৰত কৰ’নাৰ জীৱাণু ধৰা পৰিছে ৷সেয়েহে সতৰ্কতামূলক ব্যৱস্থাৰূপে পৃথিৱীলৈ উভতি অহা মহাকাশচাৰীসকলক কোৱাৰেন্টাইনত ৰখা হ’ব ৷ আমেৰিকাত সম্প্ৰতি কৰ’না ভাইৰাছৰ তাণ্ডৱ অব্যাহত আছে ৷এই সন্দৰ্ভত জেছিকা আৰু এন্ড্ৰুৱে কয় যে পৃথিৱীৰ এনে আকস্মিক পৰিৱৰ্তন দেখি তেওঁলোক আচৰিত হৈছে ৷তথাপি মহাকাশৰ পৰা পৃথিৱীখন চাবলৈ ধুনীয়া হৈ আছে ৷অৱশ্যে দীৰ্ঘদিন মহাকাশত উপঙি থকাৰ পাছত কোৱাৰেন্টাইনৰ সময়ছোৱাও তেওঁলোকে উপভোগ কৰিব বুলি জনাইছে নাছাৰ দুই মহাকাশচাৰীয়ে ৷
Exit mobile version