প্ৰচণ্ড গৰমতো নাশ নহয় কৰ’না ভাইৰাছ 

virus

SINGAPORE, SINGAPORE - [JANUARY 26]: Visitors wearing masks walk through the Merlion Park on January 26, 2020 in Singapore. (Photo by Ore Huiying/Getty Images)

ব’হাগৰ পহিলা সপ্তাহৰ পৰাই দেশৰ বিভিন্ন স্থানত গৰম পৰিবলৈ আৰম্ভ কৰিছে।সততে গৰম দিন আহিলেই  মানুহৰ মনত অস্বস্তি আৰম্ভ হয়।কিন্ত এইবাৰ যেন সমগ্ৰ দেশবাসীয়ে এই গৰমৰ দিনৰ বাবেই আগ্ৰহেৰে অপেক্ষা কৰি আছিল।কিয়নো দেশৰ সাধাৰণ জনতাৰ বিশ্বাস ,এই উপ-মহাদেশৰ গ্ৰীষ্ম ঋতুৰ প্ৰৱল উত্তাপতে স-বংশে নাশ হ’ব কৰ’না ভাইৰাছ ।কিন্তু আশাবাদী ভাৰতীয়ৰ এই সুখ স্বপ্নতে এতিয়া চেঁচাপানী ঢালিলে একাংশ গৱেষকে ।গৱেষকসকলে ঘোষণা কৰিছে ,’গ্ৰীষ্মৰ দাবানলত ক’ভিড-১৯ ভাইৰাছ বিনাশ হোৱাৰ কোনো সম্ভাবনাই নাই ।কিয়নো এই মাৰাত্মক ভাইৰাছৰ মৃত্যু নূন্যতম ৯২ ডিগ্ৰী চেলছিয়াছ উত্তাপতহে সম্ভৱ।
‘উল্লেখ্য যে তলাবন্ধৰ বাবে গৃহবন্দী বিশ্ব এতিয়া মগ্ন হৈ আছে ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ ভাৰ্চুৱেল জগতত।ফেচবুক, হোৱাটছএপত বিয়পি পৰিছে ক’ভিডৰ মৃত্যুৰ সন্দৰ্ভত নানা মনেগঢ়া তত্ত্ব।সেইবোৰ তত্ত্বকে লৈ নানাজনে দাবী কৰিছে যে ভাৰতত এই সময়ত গৰম পৰে ।কোনো কোনো স্থানত উত্তাপ ৪০ৰ পৰা ৫০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বাঢ়ে ।এই গৰমতে কৰ’না ভাইৰাছ জীয়াই থাকিব নোৱাৰিব ।এই দাবীক প্ৰবল কৰিবলৈ বহুতে আকৌ নিজাকৈ কিছুমান বৈজ্ঞানিক ভাষ্যও সংযোগ কৰিছে ।কিন্ত এইবোৰ ‘জ্ঞানগৰ্ভ ‘ বৈজ্ঞানিক তত্ত্বকে গুৰুত্ব দিব বিচৰা নাই গৱেষক সকলে ।গৱেষকে কয়,’এনে গৰমত ক’ভিডৰ মৃত্যু নহয়।
কমেও ৯২ৰ পৰা এশ ডিগ্ৰী চেলছিয়াছ তাপমানলৈ উঠিলেহে এই মাৰাত্মক ভাইৰাছ নাশ হ’ব পাৰে।’ফ্ৰান্সৰ এইক্স-মাৰ্চেই বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।কিছুদিনৰ পূৰ্বে প্ৰকাশিত হোৱা গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে ৬০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত এঘণ্টা ধৰি কৰ’না ভাইৰাছৰ নমুনা ৰখাৰ পাছতো দেখা গৈছে যে সিহঁতে নিজৰ সংখ্যা বৃদ্ধিৰ সমতা ৰাখে ।অৱশ্যে ৯২ডিগ্ৰী চেলছিয়াছত ১৫ মিনিট ৰখাৰ পাছত এই ভাইৰাছৰ মৃত্যু হয়।জীৱাণু বিশেষজ্ঞ সকলৰ মতে ,এশ ডিগ্ৰী চেলছিয়াছ অৰ্থাৎ যি তাপমাত্ৰাত পানী উতলি উঠিব,একমাত্ৰ তাতেই মৃত্যুৰ ঠিকনা লিখা আছে ক’ভিড- ১৯ ভাইৰাছৰ ।
তাৰ পূর্বে এই ভয়ংকৰ ভাইৰাছক বিনাশ কৰাৰ কোনো উপায় নাই ।সেইবাবেই শাক-পাচলিৰ পৰা আৰম্ভ কৰি ফলমূল,বজাৰৰ সকলো সামগ্ৰী উতলাগৰম  পানীৰে ধুই লোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে।কেঁচা গাখীৰ আৰু কেঁচা পাচলি খোৱা নিষেধ কৰা হৈছে ।আনকি বিধিনিষেধ আৰোপ কৰা হৈছে ফ্ৰীজত সংৰক্ষিত কৰি ৰখা বাহি খাদ্যতো ।ব্যৱহৃত পোছাকো গৰমপানীৰে ধুই দিনটো কাঢ়া ৰ’দত শুকুৱাবলৈ পৰামৰ্শ দিয়া হৈছে।এই প্ৰসংগতে প্ৰশ্ন উঠিছে যে চহৰ অঞ্চলত বহুতৰে ঘৰতে ছাদ নাই ।সেই ক্ষেত্ৰত  কেনেকৈ কাপোৰ শুকুৱাব?বিশেষজ্ঞৰ মতে কে’বাঘণ্টা ধৰি কাপোৰ কাঢ়া ৰ’দত শুকুৱাব নোৱাৰিলে ইস্ত্রি কৰি ল’ব পাৰে।
ইপিনে পশ্চিমবংগৰ প্ৰাণী আৰু মৎস্যবিজ্ঞান বিশ্ববিদ্যালয়ৰ গৱেষণাত কোৱা হৈছে যে মাংস,কণী বা গাখীৰৰ দৰে প্ৰাণীজ  প্ৰ’টিনক কৰ’না সংক্ৰমণৰ ভয়ত দূৰত ৰখা সঠিক নহ’ব ।কিয়নো শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ নিশ্চিত ভাবে প্ৰ’টিনৰ আৱশ্যক।এইক্ষেত্ৰত প্ৰ’টিনযুক্ত সকলো খাদ্যবস্তু উচ্চতাপত সিদ্ধ কৰিব লাগিব।বিজ্ঞানী সকলৰ মতে ভালদৰে সিদ্ধ কৰা খাদ্যবস্তু বা যিকোনো সমগ্ৰীতে কৰ’না ভাইৰাছেই নহয়,আন কোনো জীৱানুও বাচি থাকিব নোৱাৰে।আনহাতে ,গৱেষকসকলে কয় গৰমকালত কৰ’না ভাইৰাছ মৰি যোৱা কথাটো একেবাৰে মনেসজা।এইবোৰত বিশ্বাস নকৰি সকলোৱে ঘৰৰ বাহিৰত নিয়ম অনুসৰি মাস্ক পৰিধান কৰা,পাৰস্পৰিক দূৰত্ব বৰ্তাই ৰখা ,সঘনাই চাবোনেৰে হাত ধোৱা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰা উচিত।
Exit mobile version