বজাৰত স্থানীয় চাউলৰ যোগান বন্ধ,বহিঃৰাজ্যৰ চাউলৰ মূল্য বৃদ্ধি 

rice 1
কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত বাহাল থকা তলাবন্ধৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান আৰু মূল্য স্বাভাৱিক কৰি ৰখা হ’ব বুলি ৰাজ্য চৰকাৰ তথা যোগান বিভাগে প্ৰতিশ্ৰুতি দিছিল যদিও বাস্তৱত তাৰ প্ৰতিফলন হোৱা নাই ।স্থানীয়ভাৱে উৎপাদিত চাউলৰ বজাৰখনতে ইয়াৰ প্ৰতিচ্ছবি স্পষ্ট হৈছে ৷ফলস্বৰূপে বহিঃৰাজ্যৰ পৰা অসমেও আমদানি কৰা চাউলৰ মূল্য ক্ৰমে উৰ্ধ্বমুখী হৈছে। কাৰণ চাহিদাৰ বিপৰীতে স্থানীয় চাউলৰ যোগান বজাৰত শূন্য হৈ পৰিছে ।
এনে ক্ষেত্ৰত বহিঃৰাজ্যৰ চাউলক লৈ ব্যৱসায় কৰা বৃহৎ ব্যৱসায়ীসকল অধিক লাভৱান হোৱাৰ বিপৰীতে স্থানীয় চাউলৰ ব্যৱসায়ীয়ে মূৰে কপালে হাত দিছে ।উল্লেখযোগ্য যে তলাবন্ধৰ সময়ত চৰকাৰে ৰাইজৰ মাজত চাউলকে ধৰি বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে ।অৱশ্যে সেয়া আৰ্থিকভাৱে পিছপৰা লোকসকলৰ মাজতহে বিতৰণ কৰা হৈছে। তাৰ মাজতে বহুলোকে এই সুবিধাৰ পৰা বঞ্চিত হোৱাই নহয়,পোৱা সকলেও বন্ধৰ দীঘলীয়া সময়ৰ কাৰণে এইয়া পৰ্যাপ্ত নহয় ।
আনহাতে নিম্ন মধ্যবিত্ত শ্ৰেণীটোৰ পৰা সকলোৱে দোকানৰ পৰা ক্ৰয় কৰিব লগা হৈছে ৷তেনে অৱস্থাত স্থানীয় চাউলৰ পৰিপেক্ষিতত সকলোৱে বহিঃৰাজ্যৰ চাউল ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৷এনেদেৰে চাউলৰ পাইকাৰী মূল্য প্ৰতি কুইন্টলত তিনিশৰ পৰা চাৰিশ টকা পৰ্যন্ত বৃদ্ধি হৈছে ।সেই অনুপাতে বৃদ্ধি হৈছে খুচুৰা মূল্যও ৷উদাহৰণ স্বৰূপে অসমৰ বজাৰত যথেষ্ট চাহিদা থকা ৰামপল চাউলৰ মূল্য তলাবন্ধৰ সময়ত ৩৫ শ টকাৰ পৰা ৩৮ টকালৈ বৃদ্ধি পাইছে ।
তেনেদৰে স্বস্তিকৰ মূল্য প্ৰতি কুইন্টলত ২৭ শ টকাৰ পৰা তিনি হেজাৰ টকালৈ ৷ অসমত স্থানীয়ভাৱে উৎপাদিত ৰঞ্জিৎ,বৰপেটীয়া আইজং আদি চাউলৰ প্ৰচুৰ সমাদৰ আছে। ইয়াৰ উপৰিও ঠাই বিশেষে অন্যান্য চাউলেও সমাদৰ লাভ কৰিছে ।সম্প্ৰতি চৰকাৰ আৰু যোগান বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই চাউলৰ যোগান বজাৰত বন্ধ হৈ গৈছে। আনহাতে স্থানীয়ভাবে উৎপাদিত চাউল অসমৰ ভিতৰত ট্ৰাক অথবা সেইধৰণৰ বাহনেৰে পৰিবহন কৰা হয়। গতিকে তলাবন্ধৰ প্ৰভাৱ তাৰ ওপৰত সম্পূৰ্ণৰূপে পৰে। চৰকাৰেও এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব বিগত দিনবোৰত নিদিলে। ইয়াৰ ফলত স্থানীয় চাউলৰ বজাৰতো মাধমাৰ পৰে আৰু গ্ৰাহকেও বহিঃৰাজ্যৰ চাউলৰ বাবদ অধিক মূল্য ভৰিব লগা হৈছে ৷
Exit mobile version