ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধকল্পে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

IMG 20200416 WA0128
■ তলাবন্ধৰ নীতি-নিয়ম পালন কৰি আৰু সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতি গৰাকী উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে তিনিদিনৰ অন্তৰে অন্তৰে বৈঠকত মিলিত হ’ব লাগিব।
■ ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহৰ প্ৰতিগৰাকী ব্যক্তিলৈ ৫ কেজিকৈ চাউল দিয়াৰ কথা ইতিমধ্যে ৰাজ্যচৰকাৰে ঘোষণা কৰিছে। এই চাউল সঠিক ৰূপত বিতৰণ নহ’লে চক্ৰ বিষয়াসকল দায়বদ্ধ হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।
■ কৃষিবিভাগক খেতিয়কসকলৰ উৎপাদিত সামগ্ৰীসমূহৰ সঠিক জৰীপ কৰাৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। খেতিয়কৰ এই উৎপাদিত সামগ্ৰীসমূহ যাতে বজাৰৰ অভাৱত নষ্ট হৈ নাযায় সেই দিশত সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ ।
■ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ বাবে  নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পৰা ব্যৱস্থাটো পৰ্যালোচনা কৰাৰ বাবে নিৰ্দেশ ।
■ ৰমজানৰ নামাজ নিজ নিজ গৃহতে পঢ়িবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান।
■ কামৰূপ মহানগৰ জিলাত ঘৰে ঘৰে শাক-পাচলি বিতৰণৰ বাবে ১০ টা সংস্থাক আৰু অনলাইনযোগে ঔষধ বিতৰণৰ বাবে তিনিটা সংস্থাক অনুমতি প্ৰদান কৰা হৈছে।
■ অন্যহাতে, আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী ফল-মূলৰ যাতে ব্যৱসায়ী সন্থাৰ সৈতেও এক বৈঠকত মিলিত হয়। তলাবন্ধৰ সময়ছোৱাত যাতে ফলমূলৰ মূল্যবৃদ্ধি নহয়, সেই দিশত চকু ৰাখিবলৈ সন্থাক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
■ মহানগৰীত ফলমূলৰ ব্যৱসায় সামাজিক দূৰত্বত বজাই ৰাখি যাতে আৰম্ভ কৰিব পৰা যায় সেই দিশত এক ব্যৱস্থা গঢ়ি তুলিবৰ বাবে উপায়ুক্তক নিৰ্দেশ।
Exit mobile version