টম এণ্ড জেৰি’ৰ পৰিচালক জিন ডিচৰ মৃত্যু

Gene Deitch 1
বিশ্বজুৰি বহুল জনপ্ৰিয় কাৰ্টুন চিত্ৰ ‘টম এণ্ড জেৰি’ৰ পৰিচালনক জিন ডিচৰ মৃত্যু হ’ল। চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগত ৯৫ বছৰ বয়সত ডিচে শেষ নিশ্বাস ত্যাগ কৰে। অস্কাৰজয়ী অংকনশিল্পী, এনিমেটৰ, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক হিচাপে ডিচে জীৱনকালত বিৰল প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছিল। স্থানীয় সময় অনুসৰি যোৱা শুকুৰবাৰে নিশা নিজ বাসভৱনত ডিচৰ মৃত্যু হৈছিল।
১৯২৪ ৰ ৮ আগষ্টত আমেৰিকাৰ চিকাগোত জন্মগ্ৰহণ কৰা জন ডিচৰ সম্পূৰ্ণ নাম আছিল  ইউজিন মেৰিল ডিচ। বিশ্বখ্যাত কার্টুনিষ্ট হিচাপে স্বীকৃতি লাভ কৰা ডিচে ‘টম এণ্ড জেৰি’ৰ লগতে ‘পপাই’ নামৰ কাৰ্টুন ধাৰাবাহিকতো পৰিচালনা কৰিছিল। তদুপৰি মুনৰ, টম এণ্ড টেৰিফিক, নানাডিকসহ আন কেবাটাও জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ তেওঁ সৃষ্টি কৰিছিল। ১৯৬০ ত স্বল্পদৈৰ্ঘ্যৰ এনিমেটেড ছবি ‘মুনৰ’ৰ বাবে ডিচে অস্কাৰ বঁটা লাভ কৰিছিল
Exit mobile version