ডেৰ হেজাৰ কিলোমিটাৰ খোজ কাঢ়ি আহি নগাঁৱত উপস্থিত শ্ৰমিক

nagaonn
গুজৰাটত শ্ৰমিক হিচাপে কৰ্মৰত নগাঁৱৰ এজন লোকে তলাবন্ধৰ মাজতে ২৩ দিন ধৰি ডেৰ হেজাৰ কিলোমিটাৰ পথ খোজ কাঢ়ি আহি গৃহ জিলাত উপস্থিত হয়। চৰম দুৰ্যোগৰ সময়ত অসাধ্য কো সাধন কৰা এই লোকজন হৈছে যাদৱ গগৈ। নগাঁৱৰ কৰৈয়নীৰ গধৰীয়া গাঁৱৰ গগৈয়ে গুজৰাটৰ বাপী নামৰ ঠাই এটাত কোম্পানীত শ্ৰমিক হিচাপে কৰ্মৰত আছিল।
দেশজুৰি আৰম্ভ হোৱা তলাবন্ধৰ মাজতে তেওঁ গুজৰাটৰ কৰ্মস্থলীৰ পৰা পৰা এখন বাহনেৰে কোনোমতে উত্তৰ প্ৰদেশলৈ আহিবলৈ সুযোগ পায়। উত্তৰ প্ৰদেশৰ পৰাই আহি তেওঁ নগাঁৱত উপস্থিত হয়। তেওঁ গুজৰাটৰ পৰা উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ হৈ খোজ কাঢ়ি কালি নগাঁৱত উপস্থিত হয়হি। উল্লেখ্য যে যোৱা ২৭ মাৰ্চতে তেওঁ গুজৰাটৰ পৰা খোজ কাঢ়ি ঘৰলৈ বুলি বাট লয়।
সেইদিনাই তেওঁ এখন সামগ্ৰী কঢ়িওৱা গাড়ীত উঠি আহি তেওঁ উত্তৰ প্ৰদেশ অভিমুখে ৰাওনা হয়। উত্তৰ প্ৰদেশত উপস্থিত হোৱাৰ পাছত আন কোনো উপায় নাপাই তেওঁ খোজ কাঢ়িয়েই ঘৰলৈ বুলি বাট লয়। বাটতে জেপ লুৰকাই তেওঁৰ পৰা চাৰি হেজাৰ টকা লৈ যায়। পকেটত ফুটাকঢ়ি এটাও নথকাত পথছোৱাত আনৰ পৰা খুজি লৈ বিস্কুট-পানী খাই আহি ২৩ দিনৰ অন্তত দুখে ভাগৰে ৩৭ নং ঘাইপথৰ দাঁতিৰ মৰিগাঁও জিলাৰ আঁহতগুৰিত কালি উপস্থিত হয়।
আঁহতগুৰিত এঘৰ মানুহে তেওঁক কিছু খাদ্য খাবলৈ দিয়ে। তাৰ পৰাই তেওঁ ঘৰলৈ ফোন কৰে। তাৰ পাছত তেওঁৰ পৰিয়ালৰ লোক আৰু পুৰণিগুদামৰ স্থানীয় ব্যক্তি জিতুমণি মহন্ত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিকৰ সাধাৰণ সম্পাদক দিব্যজিৎ হাজৰিকা আৰু সভাপতি চন্দন ফুকন আদিয়ে গগৈক উদ্ধাৰ কৰে। পাছত এই বিষয়ে ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অৱগত কৰাত তেওঁক ১০৮ জৰুৰীকালীন সেৱাৰে নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গগৈ সম্প্ৰতি নগাওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
ADVERTISEMENT
Exit mobile version