ফাঁচী বজাৰৰ ফল-মূল বিক্ৰেতাৰ স’তে মত বিনিময়  মুখ্যমন্ত্ৰী সোনোৱালৰ :ক’ভিড-১৯ক পৰাভূত কৰিবলৈ আমাৰ ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত থাকিব

IMG 20200421 WA0095
বিশ্বৰ মানৱ সভ্যতালৈ অশনি সংকেত কঢ়িয়াই অনা ক’ভিড – ১৯ বীজানুৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যত অব্যাহত আছে কঠোৰ পৰিশ্ৰম | প্ৰতিকূল বতৰক নেউচি ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে এই মহামাৰী ৰোধ কৰা নিমিত্তে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে | ৰাজ্যখনৰ মুৰব্বী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত গ্ৰহণ কৰা সকলো দিশ নিজেই পৰ্যবেক্ষণ কৰিছে |
মঙ্গলবাৰে পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে কামৰূপ (মহানগৰ) জিলাৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু ফাঁচী বজাৰৰ ফল-মূল বিক্ৰেতাসকলৰ স’তে এক বৈঠকত মিলিত হয় | এই সংক্ৰান্তত মুখ্যমন্ত্ৰী সোনোৱালে কয়, “প্ৰতিকূল সময়তো সন্মিলিত প্ৰচেষ্টাৰে ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ আমি সফলতাৰে যুঁজ দি আছোঁ আৰু এই যুঁজত অসম এতিয়া এক সুবিধাজনক স্থিতিত উপনীত হৈছে।”
উল্লেখ্য যে  কামৰূপ (মহানগৰ) জিলাৰ উচ্চপদস্থ বিষয়াবৰ্গৰ স’তে কৰ’না সম্পৰ্কীয় সামগ্ৰিক পৰিস্থিতি সোনোৱালে  পৰ্যালোচনা কৰি আৰু জিলা প্ৰশাসনৰ অপৰিসীম পৰিশ্ৰমৰ আন্তৰিকতাৰে শলাগ লয়। তেওঁ  ক’ভিড-১৯ক পৰাভূত কৰিবলৈ আমাৰ এই ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত থাকিব বুুুুলি মত ব্যক্ত কৰে। আনহাতে  ফাঁচী বজাৰৰ ফল-মূল বিক্ৰেতাসকলৰ স’তে মুখ্যমন্ত্ৰীজনে মত- বিনিময় কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ স’তে সহযোগিতাৰে কাম কৰাৰ লগতে ব্যৱসায়ৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।
Exit mobile version