বাংলাদেশত পি পি ই পৰিধান কৰি ডকাইতৰ সন্ত্ৰাসঃ আৰক্ষীয়ে কৰিলে সতৰ্ক

PPE
কৰ’না ভাইৰাছ সংক্ৰমণৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বাংলাদেশত ডকাইতে পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেন্ট(পি পি ই) পৰিধান কৰি লুট কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঢাকা আৰক্ষীয়ে ইতিমধ্যে দেশবাসীক সতৰ্ক কৰি কৈছে যে চিকিৎসক,স্বাস্থ্যকৰ্মী অথবা পি পি ই পৰিহিত কোনো ব্যক্তি কাৰোবাৰ ঘৰত উপস্থিত হ’লে তৎক্ষণাত উক্ত পৰিয়ালে আৰক্ষীক অৱগত কৰিব লাগিব ।
পি পি ই পৰিধান কৰি স্বাস্থ্যকৰ্মী বেশত দুস্কৃতিকাৰীয়ে কোনো ব্যক্তিৰ ঘৰলৈ গৈ ডকাইতি কৰিব পাৰি আৰক্ষীয়ে ঢাকাবাসীক সতৰ্ক কৰি দিছে ।ইতিমধ্যে পি পি ই পৰিহিত লোকে একাধিক ডকাইতি কাণ্ড সংঘটিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে এই ক্ষেত্ৰত প্ৰয়োজনীয় সতৰ্কতা ৰাইজক অৱলম্বনৰ পৰামৰ্শ দিছে ।ঘৰৰ বাহিৰত পি পি ই পৰিহিত লোকক প্ৰত্যক্ষ কৰিলে সেই তথ্য স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ প্ৰশাসনে ঢাকাবাসীক আহ্বান জনাইছে ৷
Exit mobile version