দেশজুৰি বলবৎ হৈ থকা লকডাউনৰ ফলত নগাঁও জিলাৰ ৰণথলীৰ কেঁচা সোণৰ শিল্প উদ্যোগটো চৰম বিপৰ্যয়ৰ সন্মুখত পৰিছে । মাৰ্চ মাহৰ ২৪ তাৰিখৰ পৰাই ৰণলথীৰ কেঁচা সোণৰ অসমীয়া গহনাৰ থলুৱা উদ্যোগটোৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ লগত জড়িত সকলো ব্যৱসায়ীৰ ব্যৱসায় সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে।ফলত দুশ্চিন্তা-দুৰ্ভাৱনাই আগুৰি ধৰিছে এই শিল্প উদ্যোগটোৰ লগত জড়িত লোক সকলক।উল্লেখ্য যে, নগাঁও চহৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত অৱস্থিত ৰণথলী গাঁও খনত আছে কেঁচা সোণৰে অসমীয়া গহনা তৈয়াৰ কৰাৰ এক বৃহৎ কুটিৰ শিল্প উদ্যোগ।
এই ইতিহাস প্ৰসিদ্ধ গাঁও খনৰ বাসিন্দাসকলে বছৰ বছৰ ধৰি কেঁচা সোণৰ ক্ষুদ্ৰ উদ্যোগটোৰ সৈতে জড়িত হৈ আহিছে। গাঁও খনৰ প্ৰায় প্ৰতিটো পৰিয়ালৰেই জীৱন আৰু জীৱিকাৰ সম্বল কেঁচা সোণৰ শিল্প উদ্যোগটো। এই ৰণথলী গাঁৱতে নিৰ্মাণ হয় ৰাজ্য খনৰে বিখ্যাত কেঁচা সোণৰ অসমীয়া গহনা। কেঁচা সোণৰ বাবে চহকী ৰণথলী গাঁৱৰ প্ৰায় প্ৰতি গৰাকী ব্যক্তিয়ে নিজৰ ঘৰতে গঢ়ি তুলিছে কেঁচা সোণৰ শিল্প উদ্যোগ।
য’ত গাঁও খনৰ যুৱকৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে, যুৱতীৰ পৰা মহিলালৈকে দুশ টা পৰিয়ালৰ প্ৰায় ১০০০ গৰাকী শিল্পীয়ে কেঁচা সোণৰ গহনা নিৰ্মাণৰ লগত জড়িত হৈ আছে।অন্যহাতে, গাঁও খনৰ সকলোৰে উমৈহতীয়া বৃত্তি হ’ল কেঁচা সোণৰ অসমীয়া গহনা নিৰ্মাণ কৰা। যি সময়ত সমগ্র অসমত নিবনুৱা সমস্যাই গা কৰি উঠিছে সেই সময়ত ৰণথলী গাঁৱৰ প্ৰায় সংখ্যক যুৱক-যুৱতীয়ে কেঁচা সোণৰ অসমীয়া গহনা নিৰ্মাণৰ কামত নিয়োজিত হৈ এক আদৰ্শ দাঙি ধৰিছে ।
কিন্তু শেহতীয়াকৈ সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দেশব্যাপি আহ্বান জনোৱা সৰ্বাত্মক তলাবন্ধৰ পৰিপ্ৰেক্ষিতত এই ক্ষুদ্ৰ উদ্যোগটোৰ প্ৰতি ভাবুকি নামি আহিছে । লকডাউনৰ ফলত মাৰ্চৰ ২৪ তাৰিখৰ পৰা এই পৰ্যন্ত বিয়া-বাৰু অনুষ্ঠিত হোৱা নাই।আগন্তুক কেইবা মাহলৈকে বা এই বছৰটোৰ ভিতৰত এইবাৰ বিবাহ কাৰ্য সম্পাদন কৰিব পৰাকৈ যে পৰিৱেশ অনুকূল হ’ব তাৰো আশা ক্ষীণ।তাৰোপৰি, লকডাউনৰ ফলত এইবাৰ ৰঙালী বিহুৰ সকলো কাৰ্যসূচী বাতিল কৰা হয় ।
যিহেতু এই সময়ছোৱাতেই অসমত বেছিকৈ বিবাহ কাৰ্য সম্পাদন হয় সেয়েহে এই বতৰতেই ৰণথলীৰ কেঁচা সোণৰ অসমীয়া গহনাৰ এক ৰমৰমীয়া বজাৰ গঢ়ি উঠা পৰিলক্ষিত হয়।তাৰোপৰি, ৰঙালী বিহু উপলক্ষে নাচনী সকলৰ বাবে প্ৰয়োজন হোৱা গহনা সমূহ যেনে গামখাৰু, ডুগডুগী, জোনবিৰি, ঢোলবিৰি, গলপতা আদি বিভিন্ন অলংকাৰ ক্ৰয় কৰে। ৰাজ্য খনৰ নাচনী সকলে এই ক্ষেত্ৰত ৰণথলীৰ শিল্প উদ্যোগত তৈয়াৰী কেঁচা সোণৰ গহনাকহে বেচিকৈ পচন্দ কৰে । এই বাৰ যিহেতু বিবাহ আৰু বিহু দুয়োটাই বন্ধ সেয়েহে ৰণথলীৰ কেঁচা সোণৰ এপদো গহনা বিক্ৰী হোৱা নাই।
অথচ বিগত বৰ্ষ সমূহত এই সময়ছোৱাত ৰণথলীৰ শিল্পী সকলে প্ৰতিঘৰেই লাখ লাখ টকাৰ কেঁচা সোণৰ গহনা বিক্ৰী কৰিছিল।কিন্তু লকডাউনে ৰণথলীৰ কেঁচা সোণৰ শিল্প উদ্যোগৰ লগত জড়িত দুশটা পৰিয়ালৰ জীৱনৰৈ চৰম দুৰ্যোগ নমাই আনিছে। আৰ্থিক ভাৱে বিপৰ্যয় সন্মুখীন হৈছে এই লোক সকল। এই লোক সকলক চৰম দুৰ্যোগৰ গৰাহৰ পৰা মুক্ত কৰিবলৈ চৰকাৰে এক সুদুৰপ্ৰসাৰী কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে অসম গৌৰৱ ৰণথলীৰ কেঁচা সোণৰ শিল্প উদ্যোগটো মৃত্যুৰ মুখত পৰাটো নিশ্চিত।
চৰম হতাশা ব্যক্ত কৰি ৰণথলীৰ কেঁচা সোণৰ উদ্যোগৰ লগত জড়িত এজন যুৱক উৎপল বণিয়াই আজি কয়,”ৰণথলীৰ কেঁচা সোণৰ শিল্প উদ্যোগটোৰ লগত অঞ্চলটোৰ দুশটা পৰিয়ালৰ প্ৰায় এহেজাৰ লোক জড়িত হৈ আছে।এইটোৱেই আমাৰ মূল জীৱিকা আৰু ব্যৱসায়।এই মাহটো আচলতে আমাৰ ব্যৱসায়ৰ মাহ।ৰঙালী বিহু আৰু বিয়াৰ বতৰ। আমাৰ লোক সকলেও এই সময় খিনিলৈকে আশাৰে বাট চাই থাকে। এই মাহটোত কৰা ব্যৱসায়ত উপাৰ্জন কৰা ধনৰেই আমি বছৰটো চলিব লাগে।
অসমীয়া গহনাৰ মূল ব্যৱসায় প্ৰধানতঃ দুটা মাহহে চলে।সেয়েহে এইবাৰ ৰণথলীৰ কেঁচা সোণৰ শিল্প উদ্যোগৰ লগত জড়িত সকলৰ ভীষণ লোকচান হৈছে।প্ৰতিটো পৰিয়ালৰেই লাখ লাখ টকা লোকচান হৈছে।”বণিয়াই আৰু কয়,”কেঁচা সোণৰ অসমীয়া গহনাৰ ব্যৱসায়টো বন্ধ হৈ পৰাত এতিয়া কিছুমান লোকে মাছ ধৰিবলৈ লৈছে, একাংশই অন্য কাম কৰিব লগীয়া হৈছে।এক ভাৱিব নোৱাৰা অভাৱ অনাটনৰ মাজেৰে এই মানুহ খিনি চলিব লগীয়া হৈছে।”