সহকৰ্মীক চুম্বন যাঁচি যোগ দিলে কামত

1195314644

দুশ্চিন্তাৰ দিন শেষ ।দেশ এতিয়া কৰ’না মুক্ত ।স্বাভাৱিক ছন্দলৈ উভতিবলৈ এতিয়া আৰু কোনো ভয় নাই ।ইয়াৰ প্ৰমাণ দিবলৈকে এক প্ৰতিযোগিতাৰ  আয়োজন কৰি বিতৰ্কৰ সৃষ্টি কৰিলে চীনৰ এটা কাৰখানাই।নতুনকৈ কাম আৰম্ভ কৰাৰ পূৰ্বে পৰস্পৰৰ ওঁঠত চুম্বন যাঁচি আনন্দ কৰিলে কাৰখানাৰ কৰ্মী সকলে ।আনন্দ প্রকাশৰ এই দৃশ্যৰ ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।মাজত এখন অতি পাতল- পৰিস্কাৰ কাঁচ।
তাৰ দুই প্ৰান্তত থিয় হৈ পৰস্পৰৰ ওঁঠত চুম্বন দিছে পুৰুষ -মহিলাই।ইতিমধ্যে এক কোটিৰো অধিক লোকে এই ভিডিঅ’ প্ৰত্যক্ষ কৰিছে ।এই ভিডিঅ’ স্বাভাৱিকতে বিতৰ্কৰ সূত্ৰপাত হৈছে।এই প্ৰতিযোগিতাত অংশ লোৱা যুৱক-যুৱতী সকলে সামাজিক দূৰত্বক নামানি পৰস্পৰৰ কাষত উপস্থিত হৈছে ,সেই বিষয়টোক সহজ ভাৱে ল’ব পৰা নাই নেট জগতৰ বাসিন্দা সকলে ।
এক বিদেশী সাংবাদমাধ্যমৰ খবৰ অনুসৰি ,চীনৰ ছুঝাও চহৰৰ এটা আচবাব কাৰখানাত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।১০ টা যুটীয়ে অংশ গ্ৰহণ কৰে এই খেলাত ।তেওঁলোকৰ একাংশ ই বিবাহিত ।স্বামী-স্ত্ৰীয়ে একেলগেই কাৰখানাত কাম কৰে ।বাকী সকলে পছন্দৰ সহকৰ্মী বাছি লৈ উক্ত খেলাত অৱতীৰ্ণ হৈছিল।
ভিডিঅ’ত দেখা গৈছে ,মুখৰ পৰা মাস্ক দি ডিঙিলৈ নমাই ৰাখি পাতল কাঁচৰ ওপৰেৰে এজন কৰ্মীৰ ওঁঠত চুম্বন দিছে সহকৰ্মীয়ে ।দীৰ্ঘদিনৰ বিৰতিৰ পাছত নতুনকৈ কামত যোগ দিয়াৰ আনন্দতে এই আয়োজন বুলি প্ৰকাশ কৰা হৈছে ।অৱশ্যে কাঁচ থাকিলেও এইদৰে সামাজিক দূৰত্বৰ নিয়ম উপেক্ষা কৰি এই প্ৰতিযোগিতাৰ আয়োজন কৰাৰ বাবে বহুতে সমালোচনা কৰিছে ।
Exit mobile version