অহা ৩১ মে’ পর্যন্ত উৰণ বাতিল কৰিলে বিমান পৰিবাহী সেৱা সংস্থা ইণ্ডিগ’ আৰু ভিস্তাৰাৰ । তলাবন্ধৰ ফলত বাৰম্বাৰ বাতিল হৈছে বিমান যাত্ৰা । ফলত ভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা লোকসকলৰ সমস্যাৰ অন্ত নোহোৱা হৈছে । প্ৰথম পৰ্যায়ৰ তলাবন্ধৰ ম্যাদ অন্ত পৰিলে নিজ ৰাজ্যলৈ ওভতাৰ আশাত বন্দীসকলে টিকট ক্ৰয় কৰিছিল । তাৰপাছত দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ আৰম্ভ হয় । এতিয়া তৃতীয় পৰ্যায়ৰ তলাবন্ধ হ’ব নেকি তাকে লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে । সেয়েহে বাৰে বাৰে টিকট বিক্ৰী কৰি যাত্ৰা বাতিল হোৱাত যাত্ৰীসকলৰ টকা ওভতাই দিয়াৰ সমস্যা মূৰ পাতি ল’বলৈ ৰাজী হোৱা নাই ইণ্ডিগ’ বা ভিস্তাৰা সম্প্ৰতি বিমান পৰিবহন নিয়ন্ত্ৰক ডি জি চি এৰ তৰফৰ পৰা সকলো এয়াৰলাইনছক নিৰ্দেশ দিয়া হৈছে যে কেতিয়াৰ পৰা যাত্ৰা পুনৰ আৰম্ভ হ’ব আৰু কেতিয়াৰ পৰা টিকট বুকিং কৰা হ’ব সেই বিষয়ে পূৰ্ণ নিৰ্দেশিকা দিব লাগিব । অহা চাৰি মে’ৰ পৰা কে’বাটাও সংস্থাই আভ্যন্তৰীণ বিমান উৰণত আগ্ৰহ দেখালেও ডি জি চি এৰ নিৰ্দেশিকা দেখি তেওঁলোকে সিদ্ধান্ত সলনি কৰে । তাৰ পাছত ইণ্ডিগ’ই এক বিবৃতিত প্ৰকাশ কৰে যে ৩১মে’ পৰ্যন্ত সকলো উৰণ বন্ধ ৰাখিব।
৩১ মে’ পর্যন্ত উৰণ বাতিলৰ সিদ্ধান্ত ইণ্ডিগ’-ভিস্তাৰাৰ
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGANIST COVID-19INDIA FIGHTS CORONAINDIGOLockdownSTAY HOME STAY SAFEVistara
Related Content
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ'ব সামাজিক মাধ্যম
By
publisher
April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
By
publisher
April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
By
publisher
April 25, 2026
Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ'ব সৰ্বোচ্চ ন্যায়ালয়ত
By
publisher
April 25, 2026
এতিয়া ছিমৰনৰ দিন নাই: কাজল
By
publisher
April 25, 2026