সুৰাই প্ৰতিৰোধ নকৰে ক’ৰণাৰ সংক্ৰমণ

beer1

বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াভাৱে মদ্যপান কৰা সকলক এইবুলি সকীয়াই দিছে যে মদ্যপানে ক’ৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি কৰে। মদ্যপানৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপৰ ক্ষেত্ৰীয় কাৰ্য্যালয়ে প্ৰকাশ কৰা মতে, প্ৰতিগৰাকী ব্যক্তিয়ে মদ্যপানৰ পৰিমাণ কম কৰিব লাগে।

বিশেষকৈ ক’ভিড-১৯ৰ সংক্ৰমণৰ সময়ত এনে অভ্যাসৰ পৰা আঁতৰি থকাটো শৰীৰৰ বাবে উপকাৰী বুলি উল্লেখ কৰিছে। শেহতীয়া ভাবে একাংশ লোকে মদ্যপানৰ ফলত ক’ৰণা ভাইৰাছ প্ৰতিৰোধ হয় বুলি ভিত্তিহীন তথ্য প্ৰচাৰ হোৱাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই ইৰাণত ৪৪ গৰাকী অত্যাধিক সুৰা সেৱণকাৰীৰ মৃত্যু হোৱাৰ প্ৰসংগ উল্লেখ কৰি মদ্যপানৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ বিপৰীতে ক’ৰণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ ছেনিটাইজাৰহে ব্যৱহাৰ কৰিবলৈ উল্লেখ কৰিছে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে সমগ্ৰ বিশ্বতে ক’ৰণা ভাইৰাছ ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত সুৰা সেৱন কৰিলে এনে ভাইৰাছে সহজে আক্ৰমণ কৰিব নোৱাৰে বুলি গুজৱ ওলাইছিল। বিশ্ব স্বাস্থ্য সংস্থাই এই ক্ষেত্ৰত স্পষ্ট কৰি দিছে যে সুৰা সেৱনৰ দ্বাৰা ক’ভিড-১৯ৰ প্ৰতিৰোধ কৰাৰ কোনো প্ৰমাণ লাভ কৰা নাই। বেছিকৈ সুৰা সেৱনৰ ফলত  প্ৰায়ভাগ লোকৰে শাৰীৰিক-মানসিক সমস্যাই গা কৰি উঠে। সময়মতে খাদ্য গ্ৰহণৰ পৰিবৰ্তে যদি সুৰাই সেৱন  কৰি থাকে, তেতিয়াহ’লে শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ নকৰিব। ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাহে হ্ৰাস পাব। সেয়েহে সমগ্ৰ বিশ্বজুৰি চলা ক’ভিড-১৯ প্ৰতিৰোধৰ যুজঁখনত এনেধৰণৰ উৰা বাতৰিত কোনোৱে ভুল নোযোৱাটোৱে সকলোৰে বাবে মংগলজনক।

Exit mobile version