ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যসমূহে অব্যাহত ৰখা অভিযানৰ সমীক্ষা  আৰু প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ বাবে ‘আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দল’ (আইএমচিটি) গঠন

government
দেশৰ অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ  কিছু সংখ্যক জিলাত বিধি-নিৰ্দেশনা ভংগৰ বহু বাতৰি লাভ কৰা কৰি কেন্দ্ৰীয় চৰকাৰে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যসমূহে অব্যাহত ৰখা অভিযানৰ সমীক্ষা  আৰু প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ বাবে ‘আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দল’ (আইএমচিটি) গঠন কৰিছে |
কাৰণ তলাবন্ধ  বিধি-নিৰ্দেশনা উলংঘা কৰা কাৰ্যই জন-স্বাস্থ্যৰ প্ৰতি বিপদৰ আশংকা কঢ়িয়াই অনাৰ লগতে জন-স্বাৰ্থৰ পৰিপন্থী বুলি বিবেচিত হৈছে। দেশত চিকিৎসক আৰু অন্যান্য স্বাস্থ্য-কৰ্মীক আক্ৰমণ, আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক আক্ৰমণ, অভব্য আচৰণ প্ৰদৰ্শন অথবা ৰাজহুৱা স্থানত সামাজিক ব্যৱধানবিধি উলংঘন, কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনত বাধা-প্ৰদানৰ দৰে কৰ্ম-কাণ্ডত লিপ্ত হৈ ক’ভিড-১৯ বিৰোধী সমগ্ৰ অভিযানটোকে বিপদাপন্ন কৰিব খোজা পৰিলক্ষিত হৈছে।এনে প্ৰেক্ষাপটতে কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ বাবে দুটা আৰু তেলেংগাণা আৰু মহাৰাষ্ট্ৰৰ বাবে এটাকৈ আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দল(আইএমচিটি) গঠন কৰিছে।
এই দলকেইটাই সংশ্লিষ্ট ৰাজ্যকেখনলৈ গৈ পৰিস্থিতিৰ ক্ষেত্ৰ ভিত্তিক সমীক্ষা কৰাৰ লগতে পৰিস্থিতি চম্ভালিব পৰাকৈ যথাৰ্থ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্য-প্ৰশাসনসমূহক পৰামৰ্শ প্ৰদান কৰিব। তদুপৰি দলেকেইটাই ৰাজ্যকেইখনত তেওঁলোকে চলোৱা সমীক্ষাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব।শেহতীয়াভাবে আহমেদাবাদ আৰু চুৰাট(গুজৰাট), থানে(মহাৰাষ্ট্ৰ), হাইদৰাবাদ(তেলেংগাণা) আৰু চেন্নাই(তামিলনাডু) আদিৰ দৰে ক’ৰোনাৰ-প্ৰচুৰ্য ঘটা জিলা অথবা এলেকাসমূহৰ পৰিস্থিতি অতিশয় জটিল হৈ পৰিছে।
ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ লগতে ইয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰসমূহে অব্যাহত ৰখা যুঁজত কেন্দ্ৰীয় চৰকাৰৰ পাৰদৰ্শী ব্যৱস্থাৱলীৰ সদ্ব্যৱহাৰ কৰাৰ বাবে এইকেইটা দলে ৰাজ্য চৰকাৰসমূহক সহযোগিতা আগবঢ়াব।২০০৫ চনৰ ‘দুৰ্যোগ প্ৰবন্ধন আইন’ৰ ৩৫(১), ৩৫(২)(ক), ৩৫(২)(ঙ) আৰু ৩৫(২)(ঝ) ধাৰাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে এইকেইটা দলৰ গঠন প্ৰক্ৰিয়া সম্পন্ন কৰিছে।
ইফালে, দেশৰ সৰ্বোচ্চ ন্যায়ালয়েও ৩১-০৩-২০ তাৰিখে দিয়া এক নিৰ্দেশত ৰাজহুৱা সুৰক্ষা আৰু স্বাৰ্থ ৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা বিধি-ব্যৱস্থাসমূহ দেশৰ প্ৰতিখন ৰাজ্য চৰকাৰ, চৰকাৰী প্ৰাধিকাৰী আৰু দেশৰ প্ৰতিগৰাকী নাগৰিকে আখৰে আখৰে পালন কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে।‘আইএমচিটি’-য়ে অচিৰেই তেওঁলোকৰ ভ্ৰমণসূচী আৰম্ভ কৰিব বুলি এক বাৰ্তাৰ জৰিয়তে প্ৰকাশ কৰিছে চৰকাৰৰ সংশ্লিষ্ট বিভাগে  ।
Exit mobile version