চিৰাঙত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

IMG 20200425 170259

ৰাজস্থান কোটাৰ পৰা আহিব লগীয়া শিক্ষাৰ্থী সকলক কাইলৈ চিৰাং জিলাৰ সদৰ কাজলগাঁও উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ত অসম চৰকাৰে আপ্যায়নৰ ব্যৱস্থা কৰিব | ইয়াৰ বাবে ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, চিৰাঙৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে ছাত্ৰ -ছাত্ৰী সকলৰ তত্বাবধান ল’ব | এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য, বিত্ত আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই |

আজি চিৰাং জিলাৰ সদৰ কাজলগাঁও উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ড০ শৰ্মাই কয় যে, বহিঃৰাজ্যৰ পৰা অহা শিক্ষাৰ্থীসকলক চাহ জলপান খোৱাৰ লগতে কিছু বিশ্ৰাম লোৱাৰ পাছতে সকলোকে গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত নিয়াৰ ব্যৱস্থা কৰিব | ৰাজস্থান চৰকাৰে শিক্ষাৰ্থী সকলক অসমলৈ অনাৰ বাবে যাত্ৰীবাহী বাছ ব্যৱস্থা কৰি দি সহায়ৰ হাত আগবঢ়োৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে নিজে যাতায়াত খৰচ বহন কৰিছে বুলি ব্যক্ত কৰি উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথে অসমৰ শিক্ষাৰ্থী সকলক সহায় কৰাৰ কথা ব্যক্ত কৰে |

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ কাৰ্যাকালৰ সময় অতিবাহিত হোৱা সম্পৰ্কত এই সম্পৰ্কীয় ‘ফাইল’ ৰাজ্যপালৰ কাষলৈ গৈছে বুলি উল্লেখ কৰি ৰাজ্যপালে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে | লগতে লক ডাউনৰ শিথিল সম্পৰ্কত অহা ২৭ এপ্ৰিলত ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিব | মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাজলগাঁৱস্থিত ইউ এন ব্ৰহ্ম মহাবিদ্যালয় পৰিদৰ্শন কালত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী আৰু পিয়ুষ হাজৰিকা, বিটিএডি আই জি পি অনুৰাগ আগৰৱালা, ডি আই জি ভায়োলেট বৰুৱা,উপায়ুক্ত গৌতম তালুকদাৰ, আৰক্ষী অধীক্ষক সুধাকৰ সিং সহ বিষয়া কৰ্মচাৰী উপস্থিত থাকে |

Exit mobile version