তলাবন্ধৰ প্ৰভাৱত শুৱালকুছিত ক্ষুদ্ৰ ব্যৱসায়ীৰ চিপ লৈ আত্মহত্যা

suicide

816762330

কৰ’না ভাইৰাছৰ কাৰণে দেশজুৰি চলি থকা তলাবন্ধৰ প্ৰত্যক্ষ প্ৰভাৱৰ কাৰণে উদ্যোগ,ব্যৱসায় বাণিজ্য  বন্ধ হৈ পৰাত শুৱালকুছিৰ বীৰেন বৈশ্য নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে আজি চিপ লৈ আত্মহত্যা কৰে। সাতখন তাঁত শালেৰে প্ৰতিষ্ঠিত ক্ষুদ্ৰ ব্যৱসায়ী বৈশ্যই বিগত এমাহ তলাবন্ধৰ কাৰণে ব্যৱসায় বন্ধ হৈ পৰাত সকলো ধুসৰ হৈ পৰে।
আনহাতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ব্যৱসায়ৰ খাতিৰত ঋণ আছিল বৈশ্যৰ। এইসকলোবোৰৰ হেচা আৰু ব্যৱসায় বন্ধৰ চিন্তাত ভাৰাক্ৰান্ত হৈ আজি পুৱা ভাগত পৰিয়ালৰ লোক প্ৰাতঃভ্ৰমণলৈ যাঁওতে শোৱনি কোঠাত চিপ লৈ আত্মহত্যা কৰে বৈশ্যই। ইয়াৰ পিছত এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ লোকে জানিব ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ইফালে এই সমগ্ৰ ঘটনা অঞ্চলটোত বিয়পি পৰাৰ লগে লগে বৈশ্যৰ তাঁতশালৰ উদ্যোগত দেউৰী উপাধীধাৰী ভাড়াতীয়া মালিকে তলা লগাই দিয়ে ।সম্প্ৰতি এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে মানৱীয়তাক চৰম লজ্জানত কৰা বুলি মত পোষণ কৰিছে সচেতন মহলে ৷
Exit mobile version