বৈষ্ণ দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈ চণ্ডিগড়ত আৱদ্ধ তেজপুৰৰ তিনিটা পৰিয়াল

default
জম্মু কাশ্মীৰৰ বৈষ্ণ দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈ যোৱা ২২ মাৰ্চৰ পৰা চণ্ডিগড়ৰ এম্পেয়াৰ ইন নামৰ এখন হোটেলৰ কোঠাতে তেজপুৰৰ তিনিটাকৈ পৰিয়ালৰ এগৰাকী কণমানিসহ ৮ জনীয়া পৰিয়াল আৱদ্ধ হৈ আছে ৷ যাৰ কাৰণে সম্প্ৰতি তীব্ৰ আৰ্থিক সমস্যাত পৰি শাৰীৰিক আৰু মানসিকভাৱে ভাঙি পৰিছে পৰিয়ালকেইটা ৷
 যোৱা ১২ মাৰ্চতে তেজপুৰৰ পৰা ৰাওনা হোৱা আঠজনীয়া পৰিয়ালকেইটাৰ মাজত দুগৰাকী উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত ৰোগীও আছে  ৷গতিকে তলাবন্ধৰ সময়ত বহিঃৰাজ্যত আৱদ্ধ হৈ থাকিব লগা হোৱাত শংকিত হৈ পৰিছে পৰিয়ালটোৰ আত্মীয়৷
আনহাতে অসম চৰকাৰে প্ৰদান কৰা ২ হেজাৰ টকাৰ আৰ্থিক অনুদান আৱদ্ধ লোকসকলৰ ভিতৰত তৰালি কটকীৰ নামৰ মহিলা গৰাকীৰ বাহিৰে বাকী সদস্যকেইজনে আজি পৰ্যন্ত লাভ কৰা নাই।
গতিকে ভিডিঅ’ৰ জৰিয়তে চণ্ডিগড়ত আৱদ্ধ হৈ পৰা পৰিয়ালটোৰ সদস্যই তেওঁলোকক উদ্ধাৰৰ কাৰণে অসম চৰকাৰলৈ আহ্বান জনাইছে।
Exit mobile version