অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ প্ৰস্তুতি ভাৰতীয় ডাক বিভাগৰ

1568407816 2136
ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ ফলত দেশত অব্যাহত থকা  তলাবন্ধৰ  সময়ত বিমানসেৱা, ৰে’লসেৱা আৰু পথ পৰিবহণ ব্যাহত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত দেশত  যোগান  অব্যাহত ৰখাৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিছে। যাৰ পৰিপ্ৰেক্ষিতত  কেন্দ্ৰীয় যোগাযোগ, ইলেক্ট্ৰনিক্স, তথ্য-প্ৰযুক্তি আৰু আইন তথা ন্যায় মন্ত্ৰী  ৰবি শংকৰ প্ৰসাদে ডাক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক সম্বোধন কৰি দেশৰ এনে জটিল পৰিস্থিতিত তেওঁলোকে চিন্তাৰ পৰিধি বহল কৰিব লাগিব বুলি মন্তব্য কৰিছিল ।
মন্ত্ৰীজনৰ এই  প্ৰেৰণাদায়ক মন্তব্যৰ ভিত্তিতে ইতিমধ্যে চহৰসমূহৰ মাজত সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা যান-বাহন ব্যৱহাৰ কৰি ৰাজ্যসমূহৰ ভিতৰতে বা আন্তঃৰাজ্যিক ক্ষেত্ৰতো ৭৫ খন চহৰ চুই যোৱাকৈ ৫০০ কিলোমিটাৰকতৈও অধিক দূৰত্ব সামৰি ২২ টা পথেৰে ভাৰতীয় ডাক বিভাগে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ প্ৰস্তুতি চলাইছে। উল্লেখ্য যে ভাৰতীয় ডাক বিভাগে ইতিমধ্যই ঔষধ, ক’ভিড-১৯ ৰ পৰীক্ষণ সঁজুলি, চেনিটাইজাৰ, পি পি ই, ভেন্টিলে’টৰ, ডেফিব্ৰিলিয়ে’টৰ আদি চিকিৎসা  সামগ্ৰীকে ধৰি আন আন অত্যাৱশ্যকীয় সামগ্ৰী সমগ্ৰ দেশত যোগান ধৰাৰ ক্ষেত্ৰত কেইবাটাও পদক্ষেপ হাতত লৈছে। তদুপৰি  বিভাগে বৃদ্ধ, দিব্যাঙ্গ, পেন্সনপ্ৰাপ্ত আদি লোকসকলক আধাৰৰ যোগেদি ঘৰে ঘৰে নগদ ধন যোগান ধৰাও ব্যৱস্থা কৰিছে।
Exit mobile version