চীনৰ পৰা বিশেষ বিমানেৰে কলকাতালৈ আহিল কৰ’না প্ৰতিৰোধী সুৰক্ষা সামগ্ৰী

wuhan 6

বিশ্বৰ লগতে দেশতো ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ আন্তৰ্জাতিক বিমানৰ চলাচল যোৱা ২২মাৰ্চৰ পৰা বন্ধ কৰা হৈছিল।অৱশ্যে অসামৰিক বিমান পৰিবহনৰ সঞ্চালক প্ৰধানৰ অনুমোদনসহ মালবাহী বিমানৰ চলাচল অব্যাহত আছিল ।

সেই মৰ্মে তলাবন্ধৰ মাজতো চীনৰ পৰা কলকাতা বিমানকোঠত আহি উপস্থিত হ’ল কৰ’না প্ৰতিৰোধী সামগ্ৰী সহ এখন বিমান।তথ্য অনুসৰি যোৱা নিশা কলকাতা বিমানকোঠত অৱতৰণ কৰা স্পাইচ জেটৰ মালবাহী বিমানখনত ১০টন কৰ’না ভাইৰাছৰ মোকাবিলাৰ বাবে সুৰক্ষা সামগ্ৰী অনা হৈছে ।

নিশাৰ ভাগতে এই সামগ্ৰী সমূহ নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰা হয়।ইয়াৰে অধিকাংশ মাস্ক প্ৰস্তুতত ব্যৱহাৰ কৰা হ’ব।বিগত মাহত এই স্পাইচ জেট বিমান যোগে ছাংহাইৰ পৰা জৰুৰীকালীন ভাৱে কলকাতালৈ অনা হৈছিল প্ৰচুৰ পৰিমাণৰ ইনফ্ৰাৰেড থাৰ্ম’মিটাৰ ।

এই সমূহ কৰ’না ভাইৰাছৰ বাবে থাৰ্মেল স্ক্ৰিনিঙৰ কামত ব্যৱহাৰ কৰা হৈছে ।যোৱা ১৫এপ্ৰিলত স্পাইচ জেটে এক বিবৃতিত প্ৰকাশ কৰে যে চীনৰ ছাংহাইৰ পৰা হায়দৰাবাদলৈ প্ৰথমবাৰৰ বাবে বি ৭৩৭ কাৰ্গো বিমানেৰে চিকিৎসা সামগ্ৰী সৰবৰাহৰ কাম আৰম্ভ কৰা হৈছে।

বিবৃতিত স্পাইচ জেটৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক অজয় সিংহই কয় যে চীনৰ পৰা জৰুৰী চিকিৎসা সামগ্ৰী পৰিবহনৰ বাবে স্পাইচ জেটৰ কাৰ্গো বিমানৰ সেৱা আৰম্ভ কৰা হয় ।একেদৰে ছিংগাপুৰ আৰু শ্ৰীলংকাৰ পৰাও সামগ্ৰী অনাৰ কাম আৰম্ভ হৈছে ।

ছিংগাপুৰৰ পৰা ভাৰতলৈ আহিছে ১০লাখ পাৰ্চনেল প্ৰটেকচন ইকুইপমেণ্ট অৰ্থাৎ পি পি ই।বিগত দুদিন ধৰি এয়াৰ ইণ্ডিয়াৰ দুখন আৰু ব্লু ডাৰ্টৰ এখন বিমানেৰে এই সকলো সামগ্ৰী দেশলৈ অনা হৈছে বুলি ছিংগাপুৰস্থ ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা জনোৱা হয় ।এই সকলো সামগ্ৰীৰ মুঠ ওজন প্ৰায় ৭৮০ কুইণ্টল ।

Exit mobile version