তলাবন্ধই শলগুৰি মৌজাৰ কৃষিয়ে কঢ়িয়াইছে আশাৰ বতৰা 

salil lockdown 1 1
তলাবন্ধৰ সময়ছোৱাত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰাৰ উপৰি চৰকাৰৰ কঠোৰ নিৰ্দেশ আৰু ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচিবৰ বাবে সৰ্বসাধাৰণ ৰাইজ গৃহবন্দী হৈ থকাৰ সময়তে একাংশ গৃহবন্দী লোকে নিজকে ব্যস্ত কৰি ৰাখিছে বিভিন্ন উৎপাদনমুখী কাৰ্যত।
শিৱসাগৰ জিলাৰ শলগুৰি মৌজাৰ বিভিন্ন প্ৰান্তত ঘৰতে আবদ্ধ হৈ থকা চৰকাৰৰ বিভিন্ন বিভাগত নিয়োজিত হৈ থকা কৰ্মচাৰী আৰু শিক্ষক সমাজে সময় অতিবাহিত কৰিবৰ বাবে বাছি লৈছে নিজৰ কৃষিভূমিক।সেইসকল কৰ্মচাৰীয়ে বন্ধৰ সময়ছোৱাত  শাক -পাচলি উৎপাদন কৰিবৰ বাবে নিজৰ কৃষিভূমি প্ৰস্তুত কৰি তুলিছে ।
বিশেষকৈ মৌজাখনৰ শিক্ষক সমাজে বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলক অনলাইন পাঠদানৰ জৰিয়তে শৈক্ষিক দিশত সহযোগিতা আগবঢ়োৱাৰ সমান্তৰালকৈ নিজ নিজ কৃষিভূমিত শাক-পাচলিৰ খেতি কৰাত ব্যস্ত হৈ পৰিছে ।সম্পূৰ্ণ ব্যৱসায় ভিত্তিত এই কৃষি কাৰ্য্য সম্পাদন  নহ’লেও অন্ততঃ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা শাক-পাচলিৰে নিজৰ পৰিয়ালৰ প্রয়োজনীয়তা পূৰোৱাৰ লগতে চুবুৰীয়াৰ লগত বিনিময় কৰিব পৰা এক পৰিবেশ গঢ় দিয়া পৰিলক্ষিত হৈছে ।
Exit mobile version