প্ৰসংগঃ কৰ’না ভাইৰাছ 

tokyo
সম্প্ৰতি সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ কৰ’নাই বিশ্বৰ আৰ্থিক দিশৰ পৰা আৰম্ভ কৰি মনোৰঞ্জন জগতলৈকে ব্যাপক ভাৱে প্ৰভাৱ পেলাইছে ৷ কৰ’নাৰ প্ৰভাৱ পৰিছে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰখনতো ৷ এই সন্দৰ্ভত টকিঅ’ ২০২০ অলিম্পিকৰ সমিতিৰ অধ্যক্ষ য়োশিৰী মোৰীয়ে কয় যে যদি অনাগত বছৰো কৰ’না ভাইৰাছ নিয়ন্ত্ৰণ নহয় তেন্তে খেল বাতিল কৰা হ’ব ৷
আন্তৰাষ্ট্ৰীয় অলিম্পিক সংঘ আৰু জাপান চৰকাৰে বিগত মাহত অলিম্পিকক ২০২১ চনৰ জুলাইত অনুষ্ঠিত কৰিব বুলি সিদ্ধান্ত কৰিছিল ৷ কৰ’না ভাইৰাছৰ সন্দৰ্ভত অধ্যক্ষ মোৰীক টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কয় যে যদি অনাগত বছৰো কৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থাকে তেন্তে ২০২২ চনতে ইয়াৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।
লগতে অধ্যক্ষ মোৰীয়ে কয় যে ইয়াৰ পূৰ্বে বিশ্ব যুদ্ধৰ সময়ত অলিম্পিকক বাতিল কৰা হৈছিল। তেওঁ কৰ’না ভাইৰাছক “অদৃশ্য শত্ৰু” বুলি অভিহিত কৰে ।লগতে কয় যে এই অদৃশ্য শত্ৰুৰ বিৰুদ্ধে এতিয়া সকলোৱে যুঁজি আছে ৷যদি ভাইৰাছক নিয়ন্ত্ৰণ কৰিব পৰা যায় তেন্তে অনাগত বৰ্ষৰ গ্ৰীষ্মকালত খেল অনুষ্ঠিত কৰা হ’ব ।
ইফালে জাপানৰ মেডিকেল এছোছিয়েশ্যনৰ মত অনুসৰি যদি কৰ’না ভাইৰাছৰ ভেকচিন আৱিষ্কাৰ নহয় তেন্তে অনাগত বৰ্ষত খেল অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহ’ব। আনহাতে টকিঅ’ ২০২০ ৰ আয়োজন সমিতিৰ ব্যয়ৰ মাত্ৰা হ্ৰাস কৰিবৰ কাৰণে উদ্ধোধনী আৰু সামৰণি অনুষ্ঠান একেলগে অনুষ্ঠিত কৰিবলৈ চিন্তা চৰ্চা কৰিছে আয়োজক সমিতিয়ে । উল্লেখযোগ্য যে ১২৪ বছৰৰ পূৰ্বেও অলিম্পিক তিনিবাৰৰ কাৰণে বাতিল কৰা হৈছিল।  প্ৰথমে বিশ্ব যুদ্ধৰ কাৰণে বাৰ্লিন (১৯১৬),টকিঅ’ (১৯৪০)আৰু লণ্ডনত(১৯৪৪) ৷
Exit mobile version