প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ পদক্ষেপক লৈ প্ৰতিক্ৰিয়া 

Tarun Gogoi
কৰ’না ভাইৰাছক প্ৰতিৰোধৰ বাবে কেন্দ্ৰই ঘোষণা কৰা তলাবন্ধৰ সময়ত ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা অসমৰ ছাত্ৰ ছাত্ৰীসকলক নিজ ৰাজ্যলৈ ঘূৰাই অনাৰ পদক্ষেপক আদৰণি জনাইছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ এই প্ৰেছ বিবৃতিত  এই কথা সদৰী কৰে গগৈয়ে। লগতে তেওঁ বহিঃৰাজ্যৰ বিভিন্ন স্থানলৈ গৈ বা চিকিৎসাৰ কাৰণে গৈ আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে চৰকাৰক দাবী জনায় ।
ইফালে সোমাবাৰে অনুষ্ঠিত কেবিনেট বৈঠকক লৈ অসন্তুষ্টি ব্যক্ত কৰে গগৈয়ে ৷ গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কৰ’নাৰ কাৰণে বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা কৃষক, পশুপালক, ক্ষুদ্ৰ ব্যৱসায়ী, দৈনিক মজদুৰ, ঠেলাৱালা আৰু ৰিক্সাৱালাৰ ক্ষেত্ৰত কেবিনেটে কোনো ব্যৱস্থা কৰা নাই। ইয়াৰ পৰা বুজা যায় যে চৰকাৰখনে গ্ৰামাঞ্চলৰ লোকসকলৰ কাৰণে কোনো আঁচনিয়েই গ্ৰহণ কৰা নাই। অসম চৰকাৰক গৰিহনা দিয়ে
গগৈয়ে। লগতে কৰ’নাৰ ফলত বিস্তৰ  ক্ষতিৰ সম্মুখীন হোৱা এই লোকসকলে যাতে ইয়াতকৈ অধিক দুৰ্দশাগ্ৰস্ত হৈ মৃত্যুৰ সন্মুখীন হ’ব লগীয়া নহয় তাৰ বাবে অনতিপলমে সকাহ দিব পৰা পদক্ষেপ ল’বলৈ চৰকাৰক দাবী জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে।
Exit mobile version