সামাজিক দূৰত্ব ৰাখি তলাবন্ধ ভংগকাৰীক গ্ৰেপ্তাৰ

chandigarh police 1

তলাবন্ধ ভংগকাৰীক সামাজিক দূৰত্ব বজাই ৰাখি গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে নতুন কৌশল অৱলম্বন কৰিছে । এই ক্ষেত্ৰত এটি নতুন যন্ত্ৰ সাজি উলিয়াইছে চণ্ডীগড় আৰক্ষীয়ে । তলাবন্ধ অবিহনে কৰ’না ভাইৰাছৰ সংক্ৰমণক বাধা দিয়াটো সম্ভৱ নহ’ব।কিন্ত একাংশ লোকে তলাবন্ধৰ বাধা নিষেধ আদি মানি ল’ব বিচৰা নাই । ফলত ৰাজপথত আৰম্ভ হৈছে চোৰ-আৰক্ষীৰ লুকাচুৰি। বাধ্য হৈ আৰক্ষীয়ে তলাবন্ধ অমান্য কৰাসকলক  ধৰিবলৈ ৰাজপথত দৌৰাদৌৰি কৰিবলগীয়া হৈছে । এনে সময়তে তলাবন্ধ অমান্যকাৰীসকলক আবদ্ধ কৰাৰ সময়ত কৰ’নাৰ সংক্ৰমণৰ আশংকাও বৃদ্ধি পাইছে । কাৰণ গ্ৰেপ্তাৰৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাটো সম্ভৱ নহয় ।

সেয়েহে এই সমস্যা দূৰ কৰিবলৈ আৰু তলাবন্ধ ভংগকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ চণ্ডীগড় আৰক্ষীয়ে নতুন যান্ত্ৰিক কৌশল উদ্ভাৱনৰ বাবে সহায় লয় বিভিন্ন পক্ষৰ পৰা। সম্প্রতি চণ্ডীগড় আৰক্ষীৰ হাতত আহি পৰিছে এই যন্ত্ৰ । চণ্ডীগড় আৰক্ষীৰ সঞ্চালক প্ৰধান সঞ্জয় বনিৱালে টুইটাৰযোগে এই সম্পৰ্কিত এটি ভিডিঅ’ প্ৰকাশ কৰিছে । এই ভিডিঅ টোত তলাবন্ধ ভংগকাৰীসকলক যন্ত্ৰটো ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ কৰা দেখা গৈছে । যন্ত্ৰটো কেনেদৰে ব্যৱহাৰ কৰা হয় সেয়াও ভিডিঅ’টোত বিতংভাৱে দেখুওৱা হৈছে ।

ভিডিঅ’টোত দেখা গৈছে এডাল লাঠী লৈ কনিষ্টবল এজন থিয় হৈ আছে । লাঠীডালৰ সন্মুখৰ ফালে তিনিডাল লোৰ ৰডৰ এটা অংশ আছে । এই ৰ’ড তিনিডালৰ মাজত এজন মানুহ সোমাই পৰাৰ পাছত বন্দী হৈ পৰে । ৰ’ড তিনিডালে মানুহজনক আবদ্ধ কৰি ৰাখে । ৰ’ড তিনিডালৰ মাজৰ পৰা কোনো মতেই ওলাই আহিব নোৱাৰে তলাবন্ধ ভংগকাৰীজন । প্ৰযুক্তিগত ভাৱে পাঁচ ফুট দূৰত্বৰ পৰাই লাঠীডালেৰে আৰক্ষীয়ে এজন লোকক বন্দী কৰিব পাৰে ।ইয়াৰ দ্বাৰা অতি সহজভাৱেই বন্দী কৰা লোকজনক আৰক্ষীৰ গাড়ীত তুলিব পাৰে । এই যন্ত্ৰটোৰ সহায়ত আৰু অধিক তলাবন্ধ অমান্যকাৰীক গ্ৰেপ্তাৰ কৰা হওক বুলি মত ব্যক্ত কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে । এই লাঠীডালৰ বাবে  চণ্ডীগড় আৰক্ষীক সকলোৱে প্রশংসা কৰিছে । বিশেষ ধৰণৰ লাঠীডালে ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে ।

Exit mobile version