মঙ্গলবাৰে ৰাজ্যৰ বঙাইগাওঁ জিলাৰ শালমৰাৰ ১৬ বছৰীয়া এগৰাকী কিশোৰী আৰু গোৱালপাৰা জিলাৰ এজন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত নিশ্চিত হোৱাত ৰাজ্যত আক্ৰান্তৰ সংখ্যা মুঠ ৩৭ জনলৈ বৃদ্ধি পালে ৷
দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ সমাবেশলৈ গৈ ইতিমধ্যে কোভিড-১৯ত আক্ৰান্ত হোৱা এজন লোকৰ সংস্পৰ্শলৈ অহা বুলি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে ৷
ইফালে কৰ’না ভাইৰাছত মঙ্গলবাৰে আক্ৰান্তৰ হৈছে এগৰাকী ১৬ বছৰীয়া কিশোৰী | কিশোৰীগৰাকীৰ দেহত কৰ’নাৰ সংক্ৰমণ হোৱাৰ কথা নিশ্চিত কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগি জামাতত অংশ লোৱা কৰ’না আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল কিশোৰীগৰাকী |
উল্লেখ্য যে মুঠ আক্ৰান্তৰ ৩৭ জনৰ ২৭ জন ইতিমধ্যে সুস্থ হোৱাৰ বিপৰীতে এজনৰ মৃত্যু আৰু মঙ্গলবাৰ পৰ্যন্ত ন জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে |