কৰ’না মুক্ত হ’ল ব্ৰিটেইনৰ ছমহীয়া শিশু কন্যা এৰিন

have you ever heard of polydactyly 19870x960 1024x576 1563224213
জীৱনৰ ক্ষুদ্ৰতম সময়তেই কৰ’না যুদ্ধ জয় কৰিছে ব্ৰিটেইনৰ লিভাৰপুলৰ এটি শিশু কন্যাই।মাত্ৰ ছমাহ বয়সৰ এই শিশুটিৰ নাম এৰিন বেটছ।জন্মৰ মাত্ৰ দুমাহ বয়সতে যোৱা ডিচেম্বৰত এৰিন হৃদৰোগত আক্ৰান্ত হয় ।জীৱনৰ প্ৰথমটো বৃহৎ খুন্দাৰ সন্মুখীন হৈ কোনোমতেহে পুনৰ ঠন ধৰি উঠিছিল এৰিন।চিকিৎসকৰ প্রচেষ্টাত দিন পাৰ কৰিবলৈ লোৱা এৰিনে সুস্থ হৈ উঠিলেও এইবাৰ কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় ।চিকিৎসকে এৰিনক ক’ভিড-১৯ পজিটিভ হিচাপে ঘোষণা কৰে ।
ইয়াৰ পাছতে লিভাৰপুল অ’ল্ডাৰহে হাস্পতালৰ আইছ’লেছন ৱাৰ্ডত ভৰ্তি কৰা হয় শিশু কন্যাটিক।১৪ দিনৰ চিকিৎসা তথা পৰ্যবেক্ষণৰ অন্তত যোৱা দেওবাৰে কৰা পৰীক্ষাত এৰিনক কৰ’নামুক্ত বুলি ঘোষণা কৰে হাস্পতাল কৰ্তৃপক্ষই।ফলত চিকিৎসকে এৰিনক হাস্পতালৰ পৰা লৈ যোৱাৰ অনুমতি দিয়ে অভিভাৱকক।চিকিৎসক -নাৰ্ছ তথা চিকিৎসা কৰ্মীসকলে হাত চাপৰিৰে বিদায় জনায়।নিজ কন্যা সুস্থ হৈ পুনৰ ঘৰলৈ উভতি অহাত এৰিনৰ অভিভাৱকে হাস্পতাল কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে।হাস্পতাল কর্তৃপক্ষৰ তৰফৰ পৰা ছ’চিয়েল মিডিয়াত এৰিনৰ এটি ভিডিঅ’ প’ষ্ট কৰাও হৈছে।এই ভিডিঅ’টি ইতিমধ্যে বিপুলভাৱে সমাদৃত হৈছে ।
Exit mobile version