পৰিস্থিতি স্বাভাৱিক হ’লেই অনুষ্ঠিত হ’ব চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

images 1 1

♦♦কৰ’না মহামাৰীয়ে সম্প্ৰতি দেশৰ  সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে ।ব্যতিক্ৰম নহয় শিক্ষা বিভাগো ।  কৰ’নাক প্ৰতিৰোধৰ কাৰণে দেশত এবাৰ নহয় দুবাৰকৈ দিয়া তলাবন্ধৰ কাৰণে চি বি এছ ইৰ দশম আৰু দ্বাদশ পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় তাকে লৈ বহু জল্পনা কল্পনা অব্যাহত আছিল শিক্ষাৰ্থীসকলৰ মাজত।

কিন্তু বুধবাৰে চি বি এছ ই কৰ্তৃপক্ষই স্পষ্ট কৰে যে তলাবন্ধৰ লগতে কৰ’না সংক্ৰমণৰ পৰিবেশ উন্নত হলে পৰীক্ষা অনুষ্ঠিত হ’ব ৷অনাগত দিনত পৰীক্ষাৰ্থীসকলক এই বিষয়ে জনাব৷

চলিত বৰ্ষতে ফ্ৰেব্ৰুৱাৰী মাহত উত্তৰ পূব দিল্লীত হোৱা হিংসাত্মক ঘটনাৰ কাৰণে বহু পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব নোৱাৰিলে ।

 

Exit mobile version