মুখত ‘মাস্ক’ পিন্ধি তীব্রগতিৰে ধাৱমান উল্কাপিণ্ড

Screenshot 20200429 162737
পৃথিৱীত এতিয়া কৰ’না ভাইৰাছৰ তাণ্ডৱ । এই কৰ’না ভাইৰাছৰ বাবে যেন আতংকিত উল্কাপিণ্ডও । সেয়ে মুখত ‘মাস্ক’ পৰিধান কৰিয়ে দ্ৰুতগতিৰে পৃথিৱীৰ গা ঘঁহাই  আঁতৰি গ’ল এটা প্ৰকাণ্ড গ্ৰহাণু । প্ৰতি ঘণ্টাত ১৯হেজাৰ ৪৬১মাইল গতিবেগত পৃথিৱীৰ অভিমুখে আহি আছিল এই গ্ৰহাণুটো । উল্লেখ্য যে বিগত কিছুদিনৰ পৰাই এই বিশাল আকাৰৰ উল্কাপিণ্ডই পৃথিৱীত খুন্দা মাৰিব পাৰে বুলি বিজ্ঞানীসকলে আশংকা কৰিছিল, যি হয়তো পৃথিৱীৰ বৃহৎ ক্ষতিৰ কাৰণ হৈ পৰিব পাৰে ।
 
কিন্ত শেহতীয়াকৈ স্পষ্ট হ’ল ২.৫মাইল ব্যাসাৰ্ধৰ এই গ্ৰহাণুটোৰ পৰা পৃথিৱীৰ একো ক্ষতি নহয়। বৰঞ্চ পুৱা  পাঁচ বাজি ৫৬ মিনিটত পৃথিৱীৰ কাষেৰে আঁতৰি গ’ল ‘১৯৯৮ অ’ আৰ-২’নামৰ উল্কাপিণ্ডটো। নাছাৰ সূত্ৰই জনোৱা মতে ,এই গ্ৰহাণুটোৰ আকাৰ প্ৰায় মাউন্ট এভাৰেষ্টৰ সমান  বিয়াগোম আকাৰৰ এই গ্ৰহাণুৰ সন্মুখ ভাগৰ অংশ ওখ ৰেখাৰ দৰে, যাক দেখিবলৈ ঠিক ‘মাস্কৰ দৰে’ লাগে । নাছাৰ সূত্ৰই লগতে জনাইছে যে এই গ্ৰহাণুৰ কোড নাম ‘৫২৭৬৮’আৰু ইয়াক ১৯৯৮ ত অন্তিমবাৰলৈ দেখা গৈছিল।পৃথিৱীৰ গাত ঘঁহাই যোৱা সময়ত পৃথিৱীৰ পৰা এই গ্ৰহাণুৰ দূৰত্ব আছিল ৩৯ লাখ কিলোমিটাৰ।
Exit mobile version