শোকত ভাগি পৰিছে বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট 

pjimage 4 1588258660

বলীউডৰ অভিনেতা ঋষি কাপুৰৰ মৃত্যুৰ পিছত অন্ত্যোষ্টিক্ৰিয়াত বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টক সেমেকা চকুৰে ঋষি কাপুৰক বিদায় দিয়া সকলোৱে প্ৰত্যক্ষ কৰিছিল ৷ ইয়াৰ পিছতেই আলিয়া ভাট্টে ছ’চিয়েল মিডিয়াত প’ষ্ট কৰিছে এক ভাবুক বাৰ্তা ।  আলিয়াই লিখিছে” এই বিশাল অন্তৰৰ মানুহ জনৰ কথা মই কি ক’ম ৷ মোৰ জীৱনলৈ এই মানুহজনে বহুত মৰম আৰু প্ৰেৰণা কঢ়িয়াই আনিছিল । আজি প্ৰত্যেকই এই চিৰসেউজ মানুহজনৰ প্ৰসংগৰ কথা কৈছে” ৷ লগতে আলিয়াই লিখে যে বিগত দুবছৰত মই তেখেতক এগৰাকী বন্ধু, চাইনীজ খাদ্য খাই ভাল পোৱা ব্যক্তি, সম্পূৰ্ণৰূপে চিনেমা প্ৰেমিক, যুঁজাৰু, নেতৃত্বশালী, ধুনীয়াকৈ যিকোনো কাহিনী ক’ব পৰা লোক আৰু এগৰাকী ভাল পিতৃ হিচাপে লগ পাইছো । মই বিগত দুবছৰত তেওঁক জানিবলৈ পালো । তথা তেখেতৰ পৰা বহুত মৰম পালো ৷ আলিয়াই ইনষ্টাগ্ৰামত ঋষি কাপুৰ আৰু ৰনবীৰ কাপুৰৰ আৰু এখন ফ’টো আপলোড দি লিখে যে “বিউটিফুল বয়জ”।

ADVERTISEMENT

 

আনহাতে বৃহস্পতিবাৰে পুৱা ৫-২০ মিনিটত মুম্বাইৰ এছ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে ঋষি কাপুৰে। বলীউডৰ বিগ বি অমিতাভ বচ্চনে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে । ঋষি কাপুৰ দীৰ্ঘ সময় ধৰি কৰ্কটৰোগত আক্ৰান্ত হৈ আছিল । বুধবাৰে উশাহ নিশাহত কষ্ট, জ্বৰ আদি কেইবাটাও কাৰণত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অভিনেতাজনক । এক বিশেষ সূত্ৰৰ মতে ঋষি কাপুৰৰ শৰীৰৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটাত চিকিৎসালয়ত  ভেন্টিলেটৰত ৰাখে যদিও ৫-২০ মিনিটত তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে । আনহাতে, প্ৰায় এবছৰ কৰ্কটৰোগৰ চিকিৎসাৰ কাৰণে ঋষি কাপুৰ দীৰ্ঘ সময় ধৰি আমেৰিকাত আছিল ৷ বিগত বৰ্ষৰ ছেপ্তেম্বৰত অভিনেতাজন ভাৰতলৈ ঘূৰি আহে।  ইফালে যোৱা বৃহস্পতিবাৰে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । চিকিৎসালয় যাবৰ কাৰণে মহাৰাষ্ট্ৰ চৰকাৰে ঋষি কাপুৰক বিশেষভাৱে অনুমতি  দিছিল। চিকিৎসালয়ত ভৰ্তি হোৱাৰ চাৰি ঘন্টা পিছত কাপুৰক ঘৰলৈ আহিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই ৷

 

আনহাতে ২০১৮ ত ঋষি কাপুৰ কৰ্কটৰোগত আক্ৰান্ত হয় । কৰ্কটৰোগৰ চিকিৎসাৰ কাৰণে আমেৰিকালৈ ৰাওনা হয় ঋষি কাপুৰ। প্ৰায় এবছৰ আমেৰিকাত থকাৰ পিছত ভাৰতলৈ আহে অভিনেতাজন । এই সময়ত ঋষি কাপুৰৰ লগত ছাঁটোৰ দৰে থাকে পত্নী নীতু সিং। পুত্ৰ ৰনবীৰ কাপুৰ প্ৰায়ে ঋষি কাপুৰক লগ কৰিবলৈ নিউয়ৰ্কলৈ গৈছিল ৷ কিছুদিন পূৰ্বে ঋষি কাপুৰে এক সাক্ষাৎকাৰত কৈছিল “এতিয়া মই ভাল পাইছো। আৰু বহুত কাম কৰো ৷ ভাবি আছো অভিনয় আকৌ কেতিয়াৰ পৰা আৰম্ভ কৰিম ৷ নাজানো, অনুৰাগীক মোৰ অভিনয়ে আকৰ্ষণ কৰিব নে নকৰে। নিউয়ৰ্কত মোক এবাৰ তেজ দিছিল ৷ মই নীতুক কৈছিলো নতুন তেজৰ বিনিময়তো মই অভিনয় কেতিয়াও নাপাহৰো ।” সচাকৈয়ে এয়াই আছিল ঋষি কাপুৰ । তেওঁৰ তেজতেই আছিল অভিনয় ৷

 

 

উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াত এগৰাকী সক্ৰিয় ব্যক্তি হিছাপে ঋষি কাপুৰক প্ৰায়ে দেখা গৈছিল ৷ যিকোনো বিষয় অত্যন্ত যুক্তিপূৰ্ণভাৱে বিবেচনা কৰি উপস্থাপন কৰিছিল ঋষি কাপুৰে। লগতে বহুতক এগ্ৰেচিভ কমেণ্ট দি ধৰাশায়ী কৰিছিল ঋষি কাপুৰে । যাৰ কাৰণে বিগত কিছুদিনৰ পৰা ছ’চিয়েল মিডিয়াৰ পৰা দূৰত আছিল অভিনেতাজন ৷ কিন্তু ইৰফান খানৰ পিছত ঋষি কাপুৰৰ মৃত্যুত বলীউডে যে দুগৰাকী উজ্জ্বল নক্ষত্ৰক হেৰুৱালে সেয়া নুই কৰিব নোৱাৰি ৷

Exit mobile version