কেন্দ্ৰৰ তালিকাত অসমৰ ৩০ খন জিলাৰ গ্ৰীণ জ’নত স্থান লাভ

coronavirus 4833754 1920

দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ অন্তিম দুটা দিনৰ আগমুহূৰ্তত ভাৰতত যোৱা ২৪ ঘন্টাত সৰ্বাধিক ১৯৯৩ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হয় । ইয়াৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰ্যালয়ে আক্ৰান্তৰ সংখ্যাৰ ভিত্তিত ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জ’ন জিলাৰ তালিকা ঘোষণা কৰে। এই তালিকাত অসমৰ ৩৩জিলাৰ ৩০খনেই গ্ৰীণ জ’ন জিলাৰ শাৰীত স্থান পাইছে। আনহাতে,ধুবুৰী,মৰিগাঁও আৰু গোৱালপাৰা অৰেঞ্জ জ’নত অন্তৰ্ভুক্ত হৈছে। কিন্তু ইতিমধ্যে জিলৰখনক ৰেড জ’ন ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে জ’নৰ তালিকাত প্ৰস্তুতৰ কৰ্তৃত্ব কেন্দ্ৰীয় চৰকাৰৰ আছে যদিও বঙাইগাঁৱৰ ক্ষেত্ৰত সেয়া সলনি হ’ব । কাৰণ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলাখনক ৰেড জ’ন ঘোষণা কৰা হৈছে ৷

 

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসমত আক্ৰান্তৰ সংখ্যা হ’ল ৪২ জন। সুস্থ হৈ উঠিছে ৩২ জন আৰু চিকিৎসাধীন হৈ আছে নজন ৷ মৃত্যু হৈছে এজনৰ। ইফালে ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৭,২৫৭ জনলৈ বৃদ্ধি পাইছে। ইপিনে মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ১২২৩ জনলৈ ৷ ইয়াৰ বিপৰীতে সুস্থ হৈ উঠিছে ১০,০০৫ জন । স্বাস্থ্য মন্ত্ৰণা সদৰী কৰা অনুসৰি সুস্থ হোৱা লোকৰ হাৰ উৰ্দ্ধমুখী হৈছে ৷ তেনে জিলাবোৰৰ ভিত্তিত ৰেড,অৰেঞ্জ আৰু গ্ৰীণ জ’নত তালিকাভুক্ত কৰা হৈছে ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, গুজৰাট আৰু দিল্লীৰ পৰিস্থিতি ভয়াৱহ হৈ উঠিছে ৷ সমগ্ৰ দেশৰ মুঠ আক্ৰান্তৰ সংখ্যাৰ ভিতৰত ৩১ শতাংশই মহাৰাষ্ট্ৰৰ ।মৃত্যুৰ ক্ষেত্ৰতো পিছ পৰি থকা নাই মহাৰাষ্ট্ৰ। ইতিমধ্যে মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ১১,৫০৬ জনলৈ বৃদ্ধি পাইছে।

Exit mobile version