তলাবন্ধৰ বাবে আবদ্ধ হৈ পৰা লোকৰ বাবে বিশেষ ৰে’ল সেৱা

WhatsApp Image 2020 05 01 at 3.57.20 PM

ক’ভিড-১৯ৰ বাবে বলৱৎ হোৱা তলাবন্ধৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলৰ চলাচলৰ বাবে আৰম্ভ কৰা হ’ল বিশেষ ৰে’ল সেৱা | গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি শুক্ৰবাৰে ‘শ্ৰমিক দিৱস’ৰ দিনাৰ পৰা প্ৰব্ৰজিত কৰ্মী, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু বিভিন্ন স্থানত আৱদ্ধ হৈ থকা অন্যান্য লোকসকলৰ বাবে ‘‘শ্ৰমিক বিশেষ’’ ৰে’ল চলোৱা হৈছে৷ নিৰ্দেশনা অনুসৰি ৰে’ল মন্ত্ৰালয়ে প্ৰব্ৰজিত কৰ্মী, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু বিভিন্ন স্থানত আৱদ্ধ হৈ থকা অন্যান্য লোকসকলৰ চলাচলৰ বাবে এই বিশেষ ৰে’ল সেৱা মুকলি কৰিছে৷উল্লেখ্য যে শুক্ৰবাৰে প্ৰথম দিনটোত ভাৰতীয় ৰেল বিভাগে মুঠ ছখন “শ্ৰমিক ৰেল” চলাচলৰ ব্যৱস্থা কৰে | ইয়াৰে প্ৰথম খন ৰেলে ১২ শ যাত্ৰী লৈ তেলেঙ্গানাৰ ৰঙ্গা ৰেড্ডী জিলাৰ পৰা ঝাৰখণ্ডৰ ৰাচী জিলালৈ চলাচল কৰে | বাকী পাঁচখন ক্ৰমে কেৰেলাক কুচিৰ পৰা ওড়িছাৰ ভূৱেনেশ্বৰলৈ, তৃতীয়খন  মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা উত্তৰ প্ৰদেশৰ লক্ষ্মৌলৈ, চতুৰ্থখন মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা মধ্যপ্ৰদেশৰ ভূপাললৈ, পঞ্চমখন ৰাজস্থানৰ জয়পুৰৰ পৰা বিহাৰৰ পাটনালৈ আৰু ষষ্ঠখন ৰেল ৰাজস্থান কটাৰ পৰা ঝাৰখণ্ডৰ ৰাচীলৈ চলাচল কৰে |

ADVERTISEMENT
Exit mobile version