নাছিৰুদ্দিন আৰু বাপ্পী লাহিড়ীৰ স্বাস্থ্যক লৈ ছ’চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ,সুস্থ আছে দুয়ো

unnamed

DUBAI, UNITED ARAB EMIRATES - DECEMBER 11: Lifetime Achievement award winner actor Naseeruddin Shah attends a photocall during day three of the 12th annual Dubai International Film Festival held at the Madinat Jumeriah Complex on December 11, 2015 in Dubai, United Arab Emirates. (Photo by Neilson Barnard/Getty Images for DIFF)

বলীউডৰ দুই জনপ্ৰিয় অভিনেতা ঋষি কাপুৰ আৰু ইৰফান খানৰ মৃত্যুৰ পিছত বলীউডৰ তাৰকাক লৈ প্ৰচাৰিত হৈছে বহু উৰাবাতৰি ৷এনে অপপ্ৰচাৰৰ জৰিয়তে একাংশলোকে বৰ্ষীয়ান অভিনেতা নাছিৰুদ্দিন শ্বাহ আৰু সংগীতজ্ঞ বাপ্পী লাহিড়ী অসুস্থ বুলি ছ’চিয়েল মিডিয়াত দাবী কৰে। স্বাস্থ্যৰ অৱনতি হোৱাৰ কাৰণে নাছিৰুদ্দিন শ্বাহক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল বুলিও দাবী কৰা হৈছিল। কিন্তু এই দুয়োজন অভিনেতাৰ বাতৰি ভূৱা বুলি শেহতীয়াকৈ প্ৰমাণিত হৈছে ।

নাছিৰুদ্দিনৰ পুত্ৰ বিভানে টুইটাৰত পিতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বাতৰি শুদ্ধ নহয় বুলি অৱগত কৰে ৷এক টুইটত বিভানে কয় ” সকলো ঠিকে আছে। দেউতা এতিয়া সম্পূৰ্ণ সুস্থ ৷তেওঁৰ স্বাস্থ্যৰ সন্দৰ্ভত প্ৰচাৰিত সকলো বাতৰি ভুৱা ৷তেওঁ ঠিকে আছে। ইৰফান ভাই আৰু চিন্তুজীৰ আত্মাৰ সদগতি কামনা কৰিছো ৷”ইফালে নাছিৰুদ্দিন শ্বাহৰ ব্যক্তিগত প্ৰৱন্ধকেও প্ৰবীণ অভিনেতাজন কোনো ৰোগত আক্ৰান্ত হোৱা নাই বুলি সদৰি কৰে ৷নাছিৰুদ্দিন শ্বাহ বৰ্তমান কৰজতস্থিত ফাৰ্ম হাউচত পৰিয়ালৰ লোকৰ স’তে আছে। তেওঁ বৰ্তমান পৰৱৰ্তী নাটকৰ কাৰণে প্ৰস্তুতি অব্যাহত ৰাখিছে।

আনহাতে আন এক খবৰ অনুসৰি বাপ্পী লাহিড়ী আক্ৰান্ত হৈছে শ্বাহ প্ৰশ্বাসজনিত ৰোগত ৷ কিন্তু সংগীত শিল্পীজনৰ স্বাস্থ্যজনিত এই খবৰ ভুৱা বুলি প্ৰমাণিত হৈছে ৷বৃহস্পতিবাৰে ঋষি কাপুৰৰ মৃত্যুৰ পিছত বাপ্পী লাহিড়ীয়ে কয়” মই গভীৰ দুখ অনুভৱ কৰিছো আৰু ইয়াক ব্যক্ত কৰাৰ শব্দ মোৰ ওচৰত নাই ৷আমি প্ৰকৃততে এগৰাকী মিউজিকেল হিৰোক হেৰুৱালো। মোৰ প্ৰিয় মিত্ৰ,মোৰ ভাই,তোমালৈ সদায় মনত পৰিব ৷তেওঁ পৰিয়াললৈ মই সমবেদনা জনালো।

Exit mobile version