প্ৰতি বছৰে উভতি আহিব কৰ’না ভাইৰাছ

2AP1TD2 b598c7937e0cb7c3ddb3d98f6d897d82

পৃথিৱীৰ পৰা সবংশে নিৰ্মূল নহ’ব ক’ভিড-১৯ ।প্ৰতি বছৰে ন ন ৰূপ ধাৰণ কৰি উভতি আহিব এই প্ৰাণঘাতী ৰোগ ।এই দাবী কৰিছে চীনৰ এদল গৱেষকে ।আমেৰিকাৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ,চীনৰ এদল শীৰ্ষস্থানীয় গৱেষকে দাবী কৰিছে যে সংক্ৰমিত স্থানসমূহৰ পৰা এই ভাইৰাছ কেতিয়াও দূৰ নহ’ব ।ইয়াতকৈ শংকাৰ বিষয়টো হৈছে বিপুল সংখ্যক উপসৰ্গহীন ৰোগীৰ বাবে প্ৰতিবছৰে এই ভাইৰাছ উভতি অহাৰ সম্ভাৱনা প্ৰৱল।উপসৰ্গহীন হোৱাৰ ফলত এই ভাইৰাছ চিনাক্ত কৰাও কঠিন ।

সেয়ে এই উপসৰ্গহীন ভাইৰাছে এবাৰ দীর্ঘ সংক্ৰমণৰ পথ গ্ৰহণ কৰিলে তাক সহজে নিৰ্মূল কৰাৰ সম্ভাৱনাৰ পথটোও হ’ব অনেক দীঘলীয়া।এই বিষয়ত চীনৰ শীৰ্ষস্থানীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠান ‘পেথ’জেন বায়’লজি ইনষ্টিটিউট’ৰ পৰিচালক জিন কিয়ে কয়,’ইয়াৰ মহামাৰী হোৱাৰ সম্ভাৱনা প্ৰবলভাৱে আছে,যি দীৰ্ঘকাল ধৰি মানুহৰ স’তে সহাৱস্থান কৰিব।এটা পৰ্যায়ত ই নিজকে এবিধ বতৰীয়া ৰোগত পৰিণত কৰিব আৰু মানুহৰ স’তে মানৱদেহতে টিকি থাকিব ।ই আচলতে সম্পূৰ্ণৰূপে অদৃশ্য হোৱা ভাইৰাছ নহয়,বৰঞ্চ প্ৰতি বছৰতে কোনো নহয় কোনোভাৱে ইয়াৰ প্ৰত্যাৱৰ্তনৰ আশংকা আছে ।’

সম্প্ৰতি আমেৰিকাৰ অন্যতম বিজ্ঞান বিশেষজ্ঞ বিল ব্ৰায়ানেও মন্তব্য কৰিছিল যে সূৰ্যৰ পোহৰ আৰু আৰ্দ্ৰতাৰ সংস্পৰ্শলৈ আহিলে কৰ’না ভাইৰাছৰ দ্ৰুতগতিৰে মৃত্যু হয় ।ইয়াৰ উপৰি এলক’হলেও ৩০ছেকেণ্ডৰ ভিতৰত এই ভাইৰাছক মাৰি পেলাব পাৰে ।কিন্তু আমেৰিকাৰ শীৰ্ষ গৱেষকসকলৰ এই তত্ত্বও এতিয়া চীনৰ বিশেষজ্ঞসকলে বাতিল কৰিলে ।অৱশ্যে চীনৰ বিশেষজ্ঞসকলে নিজৰ দাবীৰ পৰিপ্ৰেক্ষিতত কোনো প্ৰমাণ বিচাৰি পোৱা নাই ।

Exit mobile version