বিহাৰৰ পৰা চাইকেলেৰে  অসমলৈ আহিল পাঁচ যুৱক-যুৱতী

quarantine
তলাবন্ধৰ ফলত প্ৰায় দুমাহ ধৰি বিহাৰত কৰ্মসূত্ৰে  আবদ্ধ হৈ থকা অসমৰ  পাঁচজন নিবনুৱা যুৱক-যুৱতীয়ে অৱশেষত  চাইকেলেৰে নিজ গৃহাভিমুখে আহি শনিবাৰে গোসাইগাঁৱত উপস্থিত হয় ৷ উল্লেখ্য যে  বাগসা আৰু ওদালগুৰি জিলাৰ পৰা এই পাঁচজন নিৱনুৱা যুৱক-যুৱতী যোৱা ফেব্ৰুৱাৰী মাহত কৰ্মৰ সন্ধানত  বিহাৰলৈ  গৈছিল ৷
কৰ্মসংস্থাপন বিচাৰি তেওঁলোকে বিহাৰৰ বিভিন্ন প্ৰতিষ্ঠানত চেষ্টা অব্যাহত ৰখাৰ সময়তে দেশজুৰি কৰ’না ভাইৰাছৰ আতংক বিয়পি পৰে আৰু যোৱা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশত তলাবন্ধ বলবৎ হয় ৷  যুৱক-যুৱতীৰ দলটোৱে খাদ্য তথা নিৰাপদ আশ্ৰয়ৰ অভাৱত ভুগি এক দুৰ্বিসহ পৰিস্থিতিৰ সন্মুখীন হয় বিহাৰত ৷ দীৰ্ঘদিন ধৰি বহিঃৰাজ্যত অতি কষ্টৰে কটোৱাৰ পাছত তেওলোকে চাইকেল লৈ গৃহাভিমুখে ৰওনা কৰে আৰু পাঁচটা দিনত  প্ৰায় চাৰিশ কিলোমিটাৰ পথ অতিক্ৰম কৰি শনিবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপুত  উপস্থিত হয় ৷
বহিঃৰাজ্যৰ পৰা অহা পাঁচজনীয়া দলটোক সীমান্তত কৰ্তব্যৰত আৰক্ষীয়ে আটক কৰি প্ৰাথমিক চিকিৎসাৰ অন্তত পাঁচজনকে  ধাউলিগুৰিস্থিত শিবিৰত কোৱাৰেন্টাইনৰ ব্যবস্থা কৰে ৷ যুৱক-যুৱতীকে’জন ক্ৰমে বাক্সা জিলাৰ সুৱনকাটা গাৱঁৰ শংকৰ মুন্ডা(২৬),ৰাজেশ মুন্ডা(২৭),আলেক্সিয়াছ গাৰী(২৪) আৰু ওদালগুৰি জিলাৰ শগুনবাৰী গাৱঁৰ জছান্তা গাৰী(২৫) আৰু আনন্দি এক্কাক (২৪) | গোসাইগাঁও মহকুমা প্ৰশাসনে মহকুমাখনৰ ধাউলিগুৰি স্থিত শিবিৰত কোৱাৰেন্টাইন কৰে ৷
Exit mobile version