হাজোৰ কঞাত গৰু চুৰিৰ সন্দেহত জ্বলাই দিলে গাড়ী

jui

দেশজুৰি তলাবন্ধ অব্যাহত থকাৰ মাজতে শুক্ৰবাৰে নিশা এক বজাত কঞাঁ আৰক্ষী থানাৰ অন্তৰ্গত সৌৰমুৰী (ন-পাৰা)চুবুৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা।গৰু চুৰি কৰিবলৈ অহা বুলি সন্দেহ কৰি তিনি লোকক গণ প্ৰহাৰ কৰাৰ লগতে জ্বলাই দিয়ে এখন মেক্সিমো গাড়ী৷ এছ ২৫ চি চি ৬৬০৬ নম্বৰৰ মেক্সিমো গাড়ীখন উত্তেজিত ৰাইজে জ্বলাই দিয়ে।

হাজো সমষ্টিৰ অধীনস্থ কঞা থানাৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলত তলাবন্ধৰ সময়চোৱাত কে’বাটাও গৰু চুৰি ঘটনা সংঘটিত হৈছিল।বহু কৃষকৰ গৰু চোৰে লৈ যোৱাৰ ফলত গাওঁবাসীয়ে প্ৰতিদিনে নিশাৰ ভাগত পহৰা দিয়াৰ ব্যৱস্থা অব্যাহত ৰাখিছে । তেনে সময়তে শুক্ৰবাৰে নিশা এক বজাত গাঁওখনত তিনি লোকসহ এখন গাড়ী প্ৰৱেশ কৰাত সন্দেহৰ অৱৰ্তত সোমাই পৰে সমগ্ৰ বিষয়টো।

হঠাৎ গাড়ীসহ সন্দেহ জনক লোক দেখাৰ লগে লগে উপস্থিত থকা লোকসকলে প্ৰথমে মাৰধৰ কৰে আৰু পিছত আৰক্ষীক গতাই দিয়ে যদিও একাংশই লোকেকে’ইজনে লৈ অহা গাড়ী খন জ্বলাই দিয়ে।  ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে | লোক তিনিজন চ’ৰাবড়ীৰ চাহাবুদ্দিন মীৰ, ইমান খান, আৰু শুকুৰ আলী বুলি জানিব পৰা গৈছে ।

Exit mobile version