কলিয়াবৰত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা 

unnamed

দেওবাৰে পুৱাই কলিয়াবৰৰ ৰাজপথত সংঘটিত হয় এক পথ দূৰ্ঘটনা ৷ দূৰ্ঘটনাৰ ফলত পথৰ ওপৰতে বাগৰি পৰে  এখন চাৰিচকীয়া বাহন ৷ যাৰফলত গুৰুতৰভাৱে আহত হৈছে   গোলাঘাটৰ নলিণ চন্দ্ৰ সন্দিকৈ নামৰ ব্যক্তিজন। চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম আধৰুৱা কৰি পথৰ মাজত দি থোৱা পিলাৰত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দূৰ্ঘটনা।  কলিয়াবৰৰ দাৰিগজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাৰ পাছত সংকটজনক অৱস্থাত আহতজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় লোকে। গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখে আহি থকা অৱস্থাত এ-এছ-০১- এ-জি- ১৬৮১ নম্বৰৰ এল্ট’ বাহন খন  বিস্তৰ ক্ষতি হয় |

Exit mobile version