ছুইডেনত পহিলা আগষ্ট পৰ্যন্ত মুকলি থাকিব টেবুল ফৰ ৱান 

sweden
‘টেবুল ফৰ ৱান ‘।এই নামেৰেই ছুইডেনত খুলিবলৈ লোৱা হৈছে এক অভিনৱ হোটেল।শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছুইডেনৰ এহাল দম্পতীয়ে এই হোটেল খন মুকলি কৰিবলৈ গৈ আছে ।কৰ’না ভাইৰাছক প্ৰতিৰোধৰ ক্ষেত্ৰত সামাজিক দূৰত্ব অপৰিহাৰ্য।এই কথাক অনুসৰণ কৰিয়ে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সমগ্ৰ বিশ্বত বন্ধ কৰি দিয়া হৈছে প্রায় সকলো দোকান ,ৰেস্তোৰাঁ-হোটেল তথা কাৰখানা ।সকলোতে বলব‍ৎ কৰা হৈছে তলাবন্ধ ।ছুইডেনত অৱশ্যে বৰ্তমানলৈ তলাবন্ধ ঘোষণা কৰা হোৱা নাই কিন্তু ছুইডেনত সামাজিক দূৰত্ব অক্ষুন্ন ৰখাত অধিক গুৰুত্ব দিয়া হৈছে ।
ৰেস্তোৰাঁ-হোটেলৰ প্ৰতিখন টেবুলৰ মাজত দূৰত্ব অক্ষুন্ন ৰখাৰ নিয়ম কঠোৰভাৱে পালন কৰা হৈছে ।সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখিও গ্ৰাহকৰ সন্মুখত কিদৰে সুস্বাদু খাদ্য আগবঢ়াব পাৰি তাৰ এক অভিনৱ উপায় উদ্ভাৱন কৰিছে ছুইডেনৰ এই দম্পতীয়ে।ৰাচমুচ পাৰছন  আৰু লিণ্ডা কাৰ্লছন নামৰ এই দম্পতীয়ে অতিশীৰ্ঘে এক উপায়েৰে এখন ৰেস্তোৰাঁ মুকলি কৰিব।ৰেস্তোৰাঁ খনৰ নাম হ’ব ‘টেবল ফৰ ৱান’।
অহা ১০ মে’ৰ পৰা এই ৰেস্তোৰাঁ খন মুকলি কৰা হ’ব ।ৰেস্তোৰাঁ খনৰ নাম টোৰ পৰাই স্পষ্ট হৈ পৰিছে ‘টেবল ফৰ ৱান’কেনে ধৰণৰ হ’ব ।ইয়াত থাকিব মাত্ৰ এখন টেবুল।একেদৰেই এবাৰত ৰেস্তোৰাঁ খনত উপস্থিত থাকিব মাত্ৰ এজন গ্ৰাহক ।ইয়াৰ এটা মূৰত পতা থাকিব এযোৰ টেবুল-চকী।ওচৰতে থাকিব ৰন্ধনশাল।খাদ্য পৰিবেশনকাৰী অথবা কি খাব সেয়া সুধিবলৈ ৰেস্তোৰাঁখনত পৃথকে আৰু কোনো লোকে নাথাকিব ।গ্ৰাহকে ৰন্ধনশালত থকা ৰান্ধনীৰে পোনপটীয়াভাৱে কি খাদ্য খাব সেই সন্দৰ্ভত কথা পাতিব পাৰিব।
পাছত ৰান্ধনীয়ে নিজে এটি বাকচত উক্ত খাদ্য আনি গ্ৰাহকৰ সন্মুখত থৈ যাব ।ৰন্ধনশালত থকা পাচলি ব্যৱহাৰ কৰিয়ে খাদ্য প্ৰস্তুত কৰা হ’ব ।বাহিৰৰ পৰা আৰু উক্ত সময়ত কোনো পাচলি ৰেস্তোৰাঁ খনলৈ অনা নহয় ।সমগ্ৰ দিনটোত মাত্ৰ এই একেজন গ্ৰাহকক খাদ্য যোগান ধৰিব ৰেস্তোৰাঁ খনে ।পৰিষ্কাৰ-পৰিচ্ছন্নতাত বিশেষ গুৰুত্ব দিবলগীয়া ৰেস্তোৰাঁখনত দৈনিক দুবাৰকৈ টেবুল-চকী-প্লেট ‘ছেনিটাইজেছন’ কৰা হ’ব ।লিণ্ডা কাৰ্লচনে এই সন্দৰ্ভত কয়,’কৰ’না সংক্ৰমণ ৰ এই সময়ছোৱাত বহুজনেই কৰ্মসংস্থাপন হেৰুৱাব ।বহুজনেই তীব্ৰ মানসিক চাপ তথা অৰ্থনৈতিক দুৰৱস্থাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হ’ব ।আমাৰ এই ৰেস্তোৰাঁ দ্বাৰা এজন হ’লেও সংস্থাপন হেৰুওৱা লোকে নতুন আশাৰে কামত ধৰিব পাৰিব ।গ্ৰাহকজনেও পাৰ কৰিব পাৰিব কিছু আশাপূৰ্ণ সময়।’
Exit mobile version