তলাবন্ধৰ অনুভৱ : ৰঞ্জিত শেখৰ মুছাহাৰী

Governor

বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰধান পৰিচৰ্যা হৈছে সামাজিক দূৰত্ব বজাই ৰখা। তাৰ বাবে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহৰ দৰে ভাৰতবৰ্ষতো চৰকাৰে তলাবন্ধ ঘোষণা কৰিব বুলি আগৰে পৰাই নিশ্চিত আছিলো। সেয়েহে দেশজুৰি তলাবন্ধ ঘোষণাত মই আচৰিত হোৱা নাছিলো। বিশ্বৰ প্রান্তে প্রান্তে মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছ নিৰ্মূলকৰণৰ বাবে এই পৰ্যন্ত উদ্ভাৱন হোৱা নাই কোনো প্ৰতিষেধক। গতিকে এই মহামাৰীৰ পৰা নিজৰ লগত সামাজক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সামাজিক দূৰত্ব বজাই বাহিৰে অন্য কোনো বিকল্প নাই। এনে পৰিপ্ৰেক্ষিততে বৰ্তমানে দেশত উদ্ভৱ হোৱা এই পৰিস্থিতিক লৈ মই ব্যক্তিগত ভাৱে আতংকিত হোৱা নাই। স্বাভাৱিকভাৱে এই পৰিৱেশৰ মুখামুখি হ’ব পৰাকৈ নিজকে পূৰ্বৰে পৰা সাজু ৰাখিছিলো। গতিকে এই সময়ছোৱাত ব্যক্তিগতভাৱে মই কোনো অসুবিধা পোৱা নাই।

 

অৱশ্যে আগৰ পৰা মই বিনা কাৰণত  ঘৰৰ বাহিৰলৈ ওলোৱাৰ অভ্যাস কম। তলাবন্ধৰ সময়ছোৱাত বাহিৰলৈ যোৱাৰ অভ্যাস নাইকিয়া হোৱা বুলি কলেও অত্যুক্তি কৰা নহ’ব। মোৰ দৰে জ্যেষ্ঠ নাগৰিক সকলে হয়তো স্বাভাৱিক সময় আৰু তলাবন্ধৰ সময়ছোৱাত বিশেষ কোনো পাৰ্থক্য পোৱা নাই। কিন্তু দৈনিক উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া শ্ৰমজীৱী লোকসকলৰ লগতে সঘনে হাস্পতাললৈ যাবলগীয়া ৰোগীসকলৰ বাবে এই সময় বৰ কঠোৰ সময়। এই সময়ছোৱাত হয়তো সেইসকল লোকে কিছু কষ্টৰ সন্মুখীন হৈছে। কিন্তু কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ স্বাৰ্থত সেইসকল লোকেও এই কষ্ট বিনাবাক্যে মানি লৈছে। তলাবন্ধ সঠিকভাৱে মানি চলিব পাৰিলে আমি অতি সোনকালে উভতাই পাম আমাৰ স্বাভাৱিক সময়। এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰা বাবে তলাবন্ধৰ সময়ছোৱাত মই বিশেষ অসুবিধা অনুভৱ কৰা নাই।

 

তলাবন্ধৰ সময়ছোৱাতো মই নিজকে দৈনন্দিন কামত পূৰ্বৰ দৰে ব্যস্ত ৰাখিছো। প্ৰতিদিনে পুৱা ব্যায়াম আৰু প্ৰণায়াম কৰাটো মোৰ পুৰণি অভ্যাস। তলাবন্ধৰ সময়ছোৱাতো নিয়মিতভাৱে প্ৰতিদিনে পুৱা ব্যায়াম আৰু প্ৰণায়াম কৰো । ইয়াৰ পাছতে ই-মেইল সমূহ চাই ইয়াৰ উত্তৰ দিয়াৰ পাছত স্থানীয় আৰু ৰাষ্ট্ৰীয় কাকত-আলোচনী সমূহত চকু ফুৰাও। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছত কিছু সময় জিৰণি লৈ পিছবেলা ৱাছিংটন প’ষ্ট, ‘ডেইলী ষ্টাৰ’, দ্য ডেইলী মেইন লণ্ডনকে ধৰি ভালেসংখ্যক আন্তঃ ৰাষ্ট্ৰীয় কাকত আলোচনী নিয়মিত ভাৱে পঢ়াটো মোৰ আন এক পুৰণি অভ্যাস। ইয়াৰ পাছতে সন্ধিয়া ছয় বজাৰ পৰা মমোৰ বাসগৃহ চৌহদতে প্রায় ৪৫ মিনিট সময় ধৰি নিয়মিতভাৱে খোজ কাঢ়ো। সেয়ে মই নিজকে শাৰীৰিক আৰু মানসিক ভাৱে যথেষ্ট সুস্থ অনুভৱ কৰো। মধুমেহ ৰোগকে ধৰি প্ৰয়োজনীয় ঔষধ সমূহো নিয়মিতভাৱে পাই আহিছো।

 

এই সময়ছোৱাত মই কষ্ট অনুভৱ কৰা নাই। বৰঞ্চ মোৰ ভালহে লাগিছে। তলাবন্ধৰ বাবে শান্ত সমাহিত হৈ পৰিছে চৌদিশৰ পৰিৱেশ। ইয়াৰ বাবে তলাবন্ধৰ সময়ছোৱাত চহৰতো অযথা হুলস্থুলীয়া পৰিৱেশ নাই। ইয়াৰ বাবে তলাবন্ধৰ সময়ছোৱাত দিনে নিশাই শুনিবলৈ পাইছো চৰাই চিৰিকটিৰ মাত। মোৰ গাঁওখনত যেনেকৈ গাড়ী ঘোঁৰাৰ শব্দ নাই, তলাবন্ধৰ সময়ছোৱাত চহৰতো অযথা হুলস্থুলীয়া পৰিৱেশ নাই। তলাবন্ধৰ সময়ছোৱাত গাঁৱত আছো নে চহৰত আছো, তাৰ পাৰ্থক্য নোহোৱা হৈ পৰিছে। শান্তভাৱে চলি আছে সকলো। পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ বেছিভাগ মানুহে ৰেস্তোৰাতে খাই ভাল পায়। এইবোৰ দেখি শুনি আমাৰ সমাজতো কম বেছি পৰিমাণে তেনে এক পৰিৱেশ গঢ়ি নুঠা নহয়। এনেয়ে হোটেল ৰেস্তোৰাত খোৱা, ছবিগৃহত গৈ ছবি উপভোগ কৰাৰ যে প্ৰয়োজন যে নাই, সেয়া তলাবন্ধৰ সময়ছোৱাত প্ৰমাণিত হৈছে। এতিয়া সকলোৱে ঘৰতে খোৱা বোৱা কৰিছে। ইয়ে প্রতিজন মানুহকে নিৰোগী হোৱাতো সহায় কৰিছে। মই ভাবো এই প্ৰক্ৰিয়াই আমাৰ মাজত সহনশীলতা বৃদ্ধি কৰিব। তলাবন্ধ যিমান সময়লৈকে থকা দৰকাৰ আছে, তেতিয়ালৈকে অব্যাহত থকাটো মই বিচাৰো। কাৰণ এই মহামাৰীৰ পৰা তলাবন্ধইহে আমাক সকলোকে ৰক্ষা কৰিব ।

Exit mobile version