দীৰ্ঘকাল ধৰি গৃহযুদ্ধ আৰু ইজৰাইলৰ আক্ৰমনত জৰ্জৰিত হৈ আছে পেলেস্তাইন ।ইয়াৰ ভিতৰত গাজা চহৰৰ অৱস্থাই অতি শোচনীয়।হামাছ নামৰ বিদ্ৰোহী সংগঠনটোৰ নিয়ন্ত্ৰণত থকা গাজা চহৰত বিগত প্ৰায় ১৩ বছৰ ধৰিয়ে তলাবন্ধ অব্যাহত আছে ।প্ৰতিক্ষণতে মৃত্যুৰ আশংকাই খেদি ফুৰাৰ বাবে যুদ্ধবিধ্বস্ত চহৰখনৰ বাসিন্দাসকলে ইমান বছৰে নিজকে প্রায় গৃহবন্দী কৰি ৰাখিবলৈ বাধ্য হৈছে ।সেই বাবেই কৰ’না ভাইৰাছে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰিব বুলিয়ে গাজাৰ গৃহবন্দী লোকসকলে ধাৰণা কৰিছিল।
কিন্তু তেওঁলোকৰ সেই আত্মতৃপ্তি বেছি দিন নাথাকিল ।এতিয়া কোনো অস্ত্ৰ অবিহনেই তেওঁলোকে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হ’বলগীয়া হৈছে ।উল্লেখ্য যে পেলেস্তাইনত এই পৰ্যন্ত ৩৫৩জন কৰ’না ৰোগী চিনাক্ত হৈছে ।মৃত্যু হৈছে দুজনৰ ।ইয়াৰ মাজত গাজা ত আক্ৰান্ত হৈছে ১২জন ।অৱশ্যে এই পৰ্যন্ত গাজাৰ কোনো লোকৰ মৃত্যু হোৱা নাই ।কৰ’নাৰ অস্ত্ৰৰূপে বিশেষ চিকিৎসা ব্যৱস্থাও নাই গাজাত।কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে চহৰ খনৰ সম্বল মাত্ৰ ৬৩টা ভেন্টিলেটৰ আৰু ৭৮খন আই চি ইউ বিছনা।
গাজাত যিকেইজন মুষ্টিমেয় চিকিৎসক আছে,তেওঁলোকো যথেষ্ট উদ্বিগ্ন হৈ আছে ।কিয়নো গাজা হৈছে বিশ্বৰ সবাতোকৈ ঘন বসতিপূৰ্ণ অঞ্চল।সেয়ে ইয়াত সামাজিক দূৰত্ব মানি চলাটো কঠিন ।উল্লেখ্য যে গাজাৰ স্থল সীমান্তৰ সমান্তৰালকৈ আকাশ আৰু সমুদ্রপথ সকলোৰেই বন্ধ হৈ আছে ।ফলত মানুহৰ যাতায়ত আৰু আমদানি-ৰপ্তানি আদি কাৰ্যত অচল হৈ আছে ।দেশখনৰ কে’বা লাখ লোকে এতিয়াও শৰণাৰ্থী শিবিৰত বাস কৰি আছে ।বাকীসকলে নিজগৃহত থাকিলেও প্ৰায় এঘৰীয়া হৈ থকা গাজাত নূন্যতম নাগৰিক সুবিধাখিনিও নাই।সেয়ে কৰ’না ভাইৰাছৰ আতংকই গাজাৰ বাসিন্দাসকলক যুদ্ধৰ পৰিৱেশতকৈও বেছিকৈ ত্ৰস্তমান কৰি ৰাখিছে ।
ReplyForward
|