নব্বৈৰ উৰ্দ্ধৰ শয্যাশায়ী বৃদ্ধাৰ কৰুণ জীৱন গাঁথা

IMG 20200504 WA0017

চৰকাৰী সকলো সা-সুবিধাৰ পৰা বঞ্চিত হৈ এখন জৰাজীৰ্ণ চালিৰ তলতেই এক চৰম যন্ত্ৰণাদায়ক জীৱন অতিবাহিত কৰিব লগীয়া হৈছে এগৰাকী নব্বৈৰ উৰ্দ্ধৰ এগৰাকী ৰোগাক্ৰান্ত বৃদ্ধাই ।  ৰ’দৰ তাপ সহ্য কৰি অথবা বতাহত কঁপি আৰু বৰষুণত জুৰুলি-জুপুৰী হৈ চকুৰ পানী টুকি সুদীৰ্ঘ চাৰি বছৰে এনে দৰেই নাৰকীয় জীৱন কটাইছে নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ বামুনী গাঁও পঞ্চায়তৰ অন্তৰ্গত ধন্তলা গাঁৱত পুতুমাই ঘাটোৱাল নামৰ  দুৰ্ভগীয়া বৃদ্ধা গৰাকীয়ে ।

ৰোগাক্ৰান্ত বৃদ্ধা পুতুমাই ঘাটোৱালৰ ৰঘু ঘাটোৱাল আৰু নাৰায়ণ ঘাটোৱাল নামৰ দুই পুত্ৰও আছে যদিও তেওঁলোকো দৰিদ্ৰতাৰ ভৰত কূঁজা হৈ পৰাত ৰোগাক্ৰান্ত মাতৃক এমুঠি আহাৰ যোগান ধৰাৰ বাদে প্ৰয়োজনীয় চিকিৎসায়েই হঁওক বা আন কোনো সেৱাই আগবঢ়াবলৈ অপাৰগ । আনকি ৰোগাক্ৰান্ত মাতৃ মূৰটো গুজি থাকিবৰ কাৰণে এখন ৰ’দ-বৰষুণ নপৰা এখন চালি নিৰ্মাণ কৰি দিবলৈ অসমৰ্থ বৃদ্ধা গৰাকীৰ দুই পুত্ৰ। যাৰ বাবে পুতুমাই ঘাটোৱালে বছৰ বছৰ ধৰি এখন উৰুখা চালিৰ তলত বাঁহৰ ভঙা বিচনাত জীৱনৰ অন্তিম ক্ষণলৈ অপেক্ষা কৰিবলগাত পৰিছে।

অন্যহাতে দৰিদ্ৰতাই ক্ষত-বিক্ষত কৰা বৃদ্ধা গৰাকীয়ে জীৱনৰ  ৯০টা বসন্ত অতিক্ৰম কৰিও আজিকোপতি নাই পোৱা বৃদ্ধ পেঞ্চনৰ ধন । তেওঁৰ অসহনীয় অৱস্থাটো দেখি হৃদয়ৱান লোকে চকুলো নিগৰালেও হৃদয় গলাব পৰা নাই সমষ্টিটোৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত, বঢ়মপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, নগাঁও জিলা সমাজ কল্যাণ বিভাগটোক। দৰিদ্ৰ পৰিয়ালটোৱে জনোৱা মতে, বহু আবেদন নিবেদন কৰিও তেওঁ আজি পৰ্যন্ত লাভ নকৰিলে বৃদ্ধ পেঞ্চন । লাভ কৰিবলৈ সক্ষম নহ’ল ইন্দিৰা আৱাস যোজনা অথবা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটি বাসগৃহ।

দুই দৰিদ্ৰ পুত্ৰৰ নাই এম জি এনৰেগা আঁচনিৰ জবকাৰ্ড, খাদ্য সুৰক্ষা আঁচনিৰ অধীনত বি পি এল ৰেচন কাৰ্ড । অতি পৰিতাপৰ বিষয় যে, দৰিদ্ৰ ঘৰখনত নাই এটা দমকল আৰু কোনো অনাময় শৌচাগাৰ। বৃদ্ধাৰ দুই পুত্ৰই সংশ্লিষ্ট কাৰ্যালয়ত আবেদন কৰিও আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম নহ’ল চৰকাৰী অনাময় শৌচাগাৰ, দমকল ।

পৰিয়ালটোৱে জানিবলৈ দিয়া মতে, চৰকাৰী চাউল-মুঠিৰ বাদে বহু আবেদন-নিবেদন কৰিও তেওঁ লোকে আজিলৈকে কোনো সুবিধা পাবলৈ সক্ষম হোৱা নাই। মুঠতে চৰকাৰী কোনো আঁচনিৰ স্পৰ্শও লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰোগাক্ৰান্ত বৃদ্ধা আৰু তেওঁৰ দুই পুত্ৰই । ইপিনে এনে দুৰ্বিসহ অৱস্থাৰ মাজতে কেতিয়াবা অসুস্থতা বাঢ়ি গ’লে ঠেলা গাড়ীৰেই বৃদ্ধাক  লৈ যোৱা হয় ওচৰৰে চিকিৎসালয়লৈ ।

নব্বৈৰ উৰ্দ্ধৰ ৰোগাক্ৰান্ত পুতুমাই ঘাটোৱালে বাৰ্ধক্যৰ বিভিন্ন ৰোগৰ উপৰিও সহি যাব লগীয়া হৈছে ধুমুহা, শিল-বৰষুণ, প্ৰচণ্ড শীত আৰু উৎকট গৰমক । ইয়াৰোপৰি তেওঁৰ এনে নাৰকীয় যন্ত্ৰণাৰ পিছতো কোনো সুবিধা নোপোৱাত স্থানীয় ৰাইজে জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট বিভাগ সমূহক বিষয়টোৰ সন্দৰ্ভত চকু দিবলৈ আহ্বান জনাইছে ।

Exit mobile version