গাহৰিৰ দেহত সংক্ৰমিত মাৰাত্মক বীজাণু ৰোধ কৰিবলৈ বোকাখাতত ১৪৪ ধাৰা জাৰি

pork reuters

ৰাজ্যৰ বিভিন্ন জিলাত আফ্রিকান চোৱাইন ফিভাৰৰ ফলত বহু সংখ্যক গাহৰিৰ মৃত্যু হোৱালৈ লক্ষ্য ৰাখি বুধবাৰে বোকাখাত মহকুমা প্ৰশাসনে এক জৰুৰী সভাৰ আহ্বান কৰে। মহকুমাধিপতিৰ কাৰ্যালয়ৰ কক্ষত অনুষ্ঠিত এই সভাত মহকুমাধিপতি বিবেক শ্যামে কোনো কাৰণতে যাতে এই ৰোগ মহকুমাটোত বিয়পিব নোৱাৰে, তাৰ প্ৰতি সতৰ্ক হোৱাৰ লগতে গাহৰি পালক সকলৰ মাজত আফ্রিকান চোৱাইন ফিভাৰ সন্দৰ্ভত সজাগতা আনিবৰ বাবে মহকুমা পশু চিকিৎসা বিভাগক গ্ৰামাঞ্চল আৰু চাহ বাগিচাসমূহত সজাগতা সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে।

ADVERTISEMENT

 

আনহাতে, এই ৰোগবিধ যাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিখিনিলৈ সংক্ৰমিত নহয়, তাৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ উদ্যান কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত উদ্যান কৰ্তৃপক্ষক কাজিৰঙাৰ দাঁতি-কাষৰীয়া গাওঁ সমূহত সজাগতা সভা অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবাঢ়ায়। ইতিমধ্যে বোকাখাত মহকুমা প্ৰশাসনে আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মহকুমাটোত ১৪৪ ধাৰা জাৰি কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত পথাৰ, আলি-পদুলি, যিকোনো খোলা ঠাইত গাহৰি চৰোৱা, গাহৰি কটা তথা কিনা-বেচা কৰা, মৰা গাহৰি নদী-খাল-বিল-পুখুৰী তথা মুকলি ঠাইত পেলোৱাত নিষেধাজ্ঞা জাৰি কৰে। তদুপৰি বাহিৰা মানুহক গাহৰিৰ সংস্পৰ্শলৈ অহাতো বাধা আৰোপ কৰে। ইপিনে, মহকুমা পশু চিকিৎসা বিভাগ তথা মহকুমা প্ৰশাসনৰ পৰা গাহৰিৰ মৃত্যু, যিকোনো ৰোগৰ লগতে আফ্ৰিকান চোৱাইন ফিভাৰৰ লক্ষণৰ তথ্য লুকুৱাই ৰখাটো অপৰাধ হিচাপে গন্য কৰা হ’ব। কোনো লোকে উক্ত নিষেধাজ্ঞা ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত শাস্তি বিহা হ’ব বুলি উল্লেখ কৰে।

Exit mobile version