১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ দক্ষিণ পাৰ ডুমডুমা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ অন্তৰ্গত ছৈখোৱা উন্নয়ন খণ্ডৰ আঢ়ৈমূৰীয়া-মেগেলা গাঁও পঞ্চায়তৰ মাজত থকা ধলা নদীৰ ওপৰত চৰকাৰে স্বাধীনতাৰ কালৰে পৰা আজিলৈকে নিৰ্মাণ নকৰিলে এখন দলং ৷ অৱশেষত স্থানীয় ৰাইজে বহু কষ্টেৰে বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰিলে ৪৫ মিটাৰ দৈৰ্ঘ্যৰে এখন দলং ৷ আজোখা-সোনাৰি গাঁওৰ প্ৰত্যেকেই নিজৰ ঘৰৰ পৰা বাঁহ আৰু কাঠ প্ৰদান কৰাৰ লগতে ৰাইজে শ্ৰমদানেৰে সাজিলে বাঁহ আৰু কাঠৰ দলংখন ৷ দলংখন নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হৈছে প্ৰায় তিনিশ ডাল বাঁহ ৷ এই দলংখন নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক বলীন চেতিয়াক স্থানীয় ৰাইজ আৰু ছাত্ৰ সন্থাই কেইবাবাৰো আবেদন জনোৱাৰ পিছতো কোনো সঁহাৰি জনোৱা নাই বিধায়ক বলীন চেতিয়াই ৷
ইপিনে, এই নদীৰ দুয়ো পাৰত কুৰিখনৰ অধিক গাঁও আছে ৷ বিদ্যালয়লৈ, চিকিৎসালয়লৈ যাবৰ বাবে যাতায়তৰ যথেষ্ট অসুবিধা হোৱাত দুয়োখন গাঁও পঞ্চায়তৰ সচেতন যুৱক আৰু ৰাইজে নিজৰ গাঁঠিৰ ধন খৰছ কৰি বাঁহ কাঠৰ গজালৰে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিলে দলংখন ৷ এই বাঁহৰ দলং খন অনুষ্ঠানিক ভাৱে আজি মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । দলংখন মুকলি কৰি লোৰিণজ্যোতি গগৈয়ে কয় যে, চৰকাৰৰ জনতাৰ কাৰণে কৰণীয় আৰু বহুত আছে তাৰে জ্বলন্ত প্ৰমাণ জুবিন গাৰ্গ দলং আৰু আজিৰ এই দলংখন ৷ আজিৰ দিনত প্ৰয়োজনীয় দলংখনৰ কাৰণেও আন্দোলন কৰিব লগাটো অতি লজ্জাজনক ৷ তলাবন্ধ চলি থকাৰ সময়ত আজি জনতাই নিৰ্মাণ কৰিব লগা হৈছে দলং, এয়া দুৰ্ভাগ্যজনক ৷
আজি দলংখনৰ উদ্বোধনী অনুষ্ঠানত লুৰিণজ্যোতি গগৈৰ লগতে উপস্থিত থাকে মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক ধৰণী গোঁহাই, আছুৰ কেন্দ্ৰীয় কায্যনিৰ্বাহক উদ্দীপজ্যোতি গগৈ, বিনয় ডুবে, জিলাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই আৰু ভালেসংখ্যক গণ্য-মান্য ব্যক্তি ৷