বিলাসীপাৰাত ঠেলাই এম্বুলেন্স

IMG 20200507 WA0005

ধুবুৰী জিলাৰ বিলাসীপাৰাত সম্প্ৰতি ঠেলাখনেই হৈ পৰিছে এম্বুলেন্স সেৱা | আজি গুৰুতৰ ভাবে অসুস্থ এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাৰে চিকিৎসালয়লৈ কঢ়িয়াই নিয়া দৃশ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে | জিলাখনৰ পুব বিলাসীপাৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত পথ ঘাট বিহীন হাতীপোতা ১ম খণ্ড গাঁৱৰ আয়নাল হকৰ পত্নী ছাহেনা বেগমৰ আজি প্ৰসৱ বেদনা আৰম্ভ হয় ৷ অসুস্থ মহিলা গৰাকীক বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয় নিব লগা হয় যদিও অঞ্চলটোত নাই কোনো এম্বুলেন্সৰ সু-ব্যৱস্থা | ফলত অসুস্থ ৰোগী গৰাকীক লৈ ৰোগীৰ পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰ অৱস্থা | কিয়নো পথ ঘাট বিহীন গাঁৱখনলৈ নাযায় ১০৮ এম্বুলেন্স সেৱা |

উল্লেখ্য যে সমষ্টিটোক প্ৰতিনিধিত্ব কৰা বিধায়ক অশোক কুমাৰ সিংহী আৰু ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ অদূৰদৰ্শীতাৰ বাবে অঞ্চলটোৰ পথ ঘাটৰ অৱস্থা আজিও তথৈবচ | কিন্ত বিগত বৰ্ষত এইসমূহ গ্ৰামাঞ্চলত কিমান উন্নয়ন হৈছে সেয়া বিশেষকৈ মনকৰিবলগীয়া ৷ সমষ্টিটোৰ ৰাস্তা ঘাটৰ উন্নয়ন আদি জলন্ত সমস্যাসমূহ সমস্যা হৈয়ে ৰৈ গৈছে | যাৰ বাবে সমষ্টিটোৰ অধীনস্থ বিলাসীপাৰা মহকুমাৰ পথঘাট বিহীন একাংশ চৰাঞ্চলত আজিও সোমাব পৰা নাই ১০৮ ৰ দৰে এম্বুলেন্স সেৱা | ইয়াৰ বাবে অঞ্চলবাসীয়ে অসুস্থ ৰোগী বোৰক কান্ধত সাঙী কৰি অথবা ঠেলাৰে বিলাসীপাৰাৰ চিকিৎসালয় লৈ নিব লগা হৈছে | এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সৰ্বত্ৰে উন্নয়ন হোৱা বুলি ঢাক ঢোল বজোৱা চৰকাৰ খনে | সেয়া যিয়েই নহওঁক আজিৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো ঠেলা এম্বুলেন্সেৰে ৰোগীক চিকিৎসালয়লৈ কঢ়িয়াই নিব লগা হোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ |

Exit mobile version