কৰ’নাত আক্ৰান্ত দেৱৰাজৰ কামৰূপৰ মদনপুৰৰ ভাৰতীয়া গৃহ ছীল

coronavirus14

কামৰূপৰ মদনপুৰত ভাৰতীয়া হিচাপে থকা দেৱৰাজ আচাৰ্য নামৰ লোকজনৰ দেহত ক’ভিড -১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছতে তেওঁ থকা ভাড়াঘৰটো শুক্ৰবাৰে ছীল কৰি দিয়ে প্ৰশাসনে | ইয়াৰ উপৰি ঘৰটোত ভাড়াতীয়া হিচাপে থকা আঠটা পৰিয়ালক আছুতীয়া কক্ষলৈ প্ৰেৰণ কৰে প্ৰশাসনে । ইপিনে ভাড়াঘৰৰ তিনি কিলোমিটাৰ ব্যাসাৰ্ধত কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে প্ৰশাসনে ।

 

উল্লেখ্য যে টাটা কনজিউমাৰ প্ৰডাক্ট প্ৰাইভেট লিমিটেড কৰ্মচাৰী দেৱৰাজ আচাৰ্য দুই বন্ধুৰ স’তে ছয় এপ্ৰিলত শিলিগুড়িৰ পৰা
অসমত প্ৰৱেশ কৰিছিল । অসমত প্ৰৱেশ কৰা সময়ত শ্ৰীৰামপুৰৰ পৰা সৰুসজাইলৈ লৈ অনা হৈছিল তিনিওকে । সৰুসজাইত নমুনা পৰীক্ষাৰ কৰাৰ পিছত পুনৰ হোম কোৱাৰেন্টাইনত থকাৰ পৰামৰ্শ দিছিল চিকিৎসকে । ইফালে নিশা দেৱৰাজে দুই বন্ধুৰ স’তে মদনপুৰৰ ভাড়াঘৰলৈ আহে । দিনটো মদনপুৰত থকাৰ পিছত সাত মে’ৰ নিশা আচাৰ্যৰ দেহত ক’ভিড -১৯ ধৰা পৰাত চিকিৎসকৰ দলে মহেন্দ্ৰমোহন চৌধুৰী হাস্পতাললৈ দেৱৰাজক প্ৰেৰণ কৰে । অন্যহাতে দুই বন্ধু গৌতম মিশ্ৰ আৰু বিতু গোপেক শিঙিমাৰীৰ মডেল হাস্পতালৰ আছুতীয়া কক্ষলৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে ।

Exit mobile version