কাজিৰঙাত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰা

WhatsApp Image 2020 05 09 at 9.07.35 PM

কৰ’না ভাইৰাছৰ সমান্তৰালভাৱে সম্প্ৰতি ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰত দ্ৰুত গতিত বৃদ্ধি পাইছে গাহৰিৰ মৃত্যুৰ সংখ্যা । এই সন্দৰ্ভত জিলা পশুপালন বিষয়াৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰ পৰ্যন্ত ৰাজ্যত মুঠ তেৰ হাজাৰ তেত্ৰিশ টা গাহৰিৰ মৃত্যু হৈছে ৷ পূৰ্বে ছয়খন জিলাৰ পৰা মাজুলী,গোলাঘাট আৰু কামৰূপ মহানগৰ জিলাতো গাহৰিৰ মৃত্যুৰ তথ্য পোৱা গৈছে ৷ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ এই তথ্য সদৰী কৰে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই ।

ইফালে, গাহৰি মৃত্যুৰ এই পৰিসংখ্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্যানৰ সঞ্চালক, মহকুমাধিপতি, জিলা পশুপালন বিষয়া আদিৰে বৈঠকত মিলিত হৈ তৎক্ষণিকভাৱে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে । লগতে সজাগতা সভা অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আগৰাতলী ৰেঞ্জৰ সমীপত ছয় ফুট দ’কৈ দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ এক প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বনৰীয়া গাহৰি যাতে কাষৰীয়া গাঁৱসমূহলৈ যাব নোৱাৰে আৰু ঘৰচীয়া গাহৰিসমূহ যাতে উদ্যানত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে । উদ্যানৰ পশু চিকিৎসাৰ দায়িত্বত থকা ডা° দেৱমোহন শইকীয়া নামৰ বন পশুচিকিৎসা বিষয়াগৰাকীক উদ্যান কৰ্তৃপক্ষৰ কৰ্তব্যত অনুপস্থিত থকাৰ লিখিত অভিযোগৰ মন্ত্ৰী বৰাই তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ কথা ঘোষণা কৰে ।

মন্ত্ৰী অতুল বৰাই আজি কাজিৰঙাৰ নিকটৱৰ্তী কে’বাখনো গাঁৱলৈ গৈ গাহৰিপালকসকলৰ সমস্যাৰ বুজ লয় ৷অতুল বৰাই কয় যে গাহৰিৰ দ্ৰুত মৃত্যুৰ তথ্য যথেষ্ট উদ্বেগজনক আৰু এই সম্পৰ্কত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ লগত সঘনাই আলোচনা কৰি হৈছে আৰু সকলো ধৰণৰ সহযোগিতাৰ বাবে আহ্বান জনোৱা হৈছে ৷ ইতিমধ্যে গুৱাহাটীৰ পৰা তিনিটাকৈ চিকিৎসক তথা বিষয়াৰ দলে আক্ৰান্তৰ জিলাসমূহত পুনৰ নিৰীক্ষণ কৰিছে ৷ লগতে অধিক সংখ্যক নমুনা পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মন্ত্ৰী অতুল বৰাই অৱগত কৰে ।

Exit mobile version