বিশ্বত কৰ’না ভাইৰাছ বিয়পোৱাত চীনৰ উহানৰ বজাৰৰ ভূমিকা আছে

thumbs b c 119edd66164b9d469a8d298f578e56f9

চীনৰ হুবেই প্ৰদেশৰ উহানৰ বৃহৎ বজাৰৰ পৰাই বিগত বৰ্ষত কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে। অৱশেষত এনেদৰে মন্তব্য কৰে বিশ্ব স্বাস্থ্য সংস্থাই। আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন উন্নত দেশসমূহে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চীন উৎসস্থল বুলি দোষাৰোপ কৰি থকাৰ সময়তে সংস্থাটোৰ বক্তব্য বহুল চৰ্চিত হৈ পৰিছে। এই পৰ্যন্ত বিশ্ব স্বাস্থ্য সংস্থাই চীনক কোনো প্ৰমাণ নোহোৱাকৈ দোষাৰোপ কৰিব নোৱাৰি বুলি মন্তব্য কৰিছিল। ইয়াকে লৈ বিশেষকৈ আমেৰিকা ক্ষুব্ধ হৈ পৰিছে।এই বিষয়ক লৈ চীন আৰু আমেৰিকাৰ মাজত বাকযুদ্ধ অব্যাহত আছে। এনে পৰিৱেশৰ মাজতে যোৱাকালি বিশ্ব স্বাস্থ্য সংস্থাই কয় যে চীনৰ নগড় উহান ক’ভিড-১৯ ভাইৰাছৰ উৎসস্থলী হ’ব পাৰে অথবা ইয়াতে ভাইৰাছে বৃহৎ ভাৱে সাৰ পানী পাব পাৰে । এই বিষয়ত অধিক গৱেষণাৰ প্রয়োজন আছে বুলিও কয়।

ADVERTISEMENT

 

চলিত বৰ্ষৰ জানুৱাৰীত কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ এই বজাৰখন বন্ধ কৰি দিয়ে। বিশ্ব স্বাস্থ্য সংস্থাৰ এজন বিশেষজ্ঞ পিটাৰ বেন এমবাৰেকে কয় যে কৰ’না সংক্ৰমণৰ ক্ষেত্ৰত এই বজাৰখনে যে ভূমিকা লৈছিল সেয়া স্পষ্ট। কিন্তু কি ভূমিকা লৈছিলসেয়া আমি নাজানো। এই বজাৰখন ক’ভিড-১৯ ৰ উৎস অথবা ইয়াতে ভাইৰাছবিধ সম্প্ৰসাৰিত হৈছিল নে বজাৰখনে ওচৰে পাজৰে কিছুমান সংক্ৰমণৰ ঘটনা চিনাক্ত হোৱাটো কেৱল মাত্ৰ কাকটালীয় নেকি সেই কথা আমি নাজানো।’ কোনো জীৱ জন্তু অথবা সংক্ৰমিত ব্যৱসায়ী আদিয়ে এই ভাইৰাছবিধ আনিছিল বুলি সেই বিষয়ে স্পষ্ট নহয় বুলি তেওঁ কয়।

Exit mobile version