ভিটামিন ‘ডি’ৰ অভাৱতে বৃদ্ধি পাইছে ক’ভিড-১৯ত মৃত্যুৰ হাৰ

Vitamin D

শৰীৰত ভিটামিন ‘ডি’ৰ পৰিমাণ গড়ে যিমান কম থাকে । সিমানেই বৃদ্ধি পায় ক’ভিড-১৯ ৰ সংক্ৰমণৰ আশংকা । তাতকৈও বেছিকৈ বাঢ়ে এই ভাইৰাছত মৃত্যুৰ হাৰ । বিশেষকৈ ইউৰোপৰ দেশ সমূহৰ ক্ষেত্ৰত ভিটামিন ‘ডি’ ৰ অভাৱে বিশেষ ভূমিকা গ্ৰহণ কৰিছে । ব্ৰিটেইনৰ এংগলিয়া ৰাস্কিন বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এক সমীক্ষাৰ অন্তত এই তথ্য লাভ কৰিছে । শৰীৰত ভিটামিন ‘ডি’ ৰ পৰিমাণ কম থাকিলে শ্বাসনলীৰ সংক্ৰমণ তীব্ৰ হয় । স্বাভাৱিকতে ক’ভিডৰ সংক্ৰমণো বাঢ়ে । বিশ্ববিদ্যালয় খনৰ গৱেষক ডাঃ লী স্মিথে কয়, ‘ৰক্তৰ শ্বেতকনিকাই কিদৰে সঁহাৰি দিব, সেয়া নিয়ন্ত্ৰণ কৰে ভিটামিন ‘ডি’য়ে । উত্তেজক নিঃসৰণৰ অতি বেছি উপস্থিতিৰ পৰা শ্বেতকণিকা কোষক ভিটামিন ‘ডি’য়ে ৰক্ষা কৰে ।

কিন্ত ক’ভিড -১৯য়ে বিপৰীত কাণ্ড ঘটায় । ই শ্বেতকণিকাৰ ভিতৰত অতি বেছি মাত্ৰাত উত্তেজক নিঃসৰণ উপস্থিতি নিশ্চিত কৰে । ফলত শৰীৰত ভিটামিন ‘ডি’ ৰ অভাৱ থাকিলে কৰ’না ভাইৰাছৰ সক্ৰিয়তাও বৃদ্ধি পায় । উল্লেখ্য যে দক্ষিণ ইউৰোপৰ ইটালী আৰু স্পেইনত ক’ভিডত মৃত্যুৰ সংখ্যা অতি বেছি । এজিং ক্লিনিকেল এণ্ড এক্সপেৰিমেণ্টেল ৰিচাৰ্ছৰ জাৰ্নেলত শেহতীয়াকৈ প্ৰকাশিত এক নিবন্ধত কোৱা হৈছে যে উত্তৰ ইউৰোপৰ দেশ সমূহৰ তুলনাত ইটালী আৰু স্পেইনৰ বাসিন্দাসকলৰ শৰীৰত ভিটামিন ‘ডি ‘ ৰ পৰিমাণ অতি কম । কিয়নো এই দেশ দুখনৰ বয়স্ক লোকসকলে সততে প্ৰখৰ ৰ’দ এৰাই চলে ।

আনহাতে, উত্তৰ ইউৰোপৰ বাসিন্দাসকলে ক’ড লিভাৰ অইল আৰু ভিটামিন ‘ডি’ যুক্ত খাদ্য অধিক পৰিমাণে খোৱাৰ বাবে তেওঁলোকৰ শৰীৰত ভিটামিন ‘ডি’ৰ উপস্থিতি সৰ্বাধিক । সেয়ে সমগ্ৰ ইউৰোপৰ ভিতৰত ছুইডেন, ডেনমাৰ্ক, ছুইজাৰলেণ্ড আদিৰ দৰে স্কেণ্ডিনেভিয়ান দেশসমূহত ক’ভিড সংক্ৰমণ আৰু ইয়াৰ ফলত মৃত্যুৰ হাৰ সবাতোকৈ কম । বয়স্ক লোকসকলৰ ভিতৰত ভিটামিন ‘ডি’ৰ অভাৱ সকলোতকৈ বেছি ।

ইপিনে ,যোৱা মাহত নিউট্ৰিয়েন্ট জাৰ্নেলত প্ৰকাশিত আন এক গৱেষণাৰ প্ৰতিবেদনত দেখা গৈছে যে ক’ভিড-১৯ আৰু স্বাসনলীৰ অন্যান্য ৰোগৰ কবলৰ পৰা ৰক্ষা পোৱাৰ বাবে যদি শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলগীয়া হয় ,তেনেহ’লে ভিটামিন ‘চি’ আৰু ‘ডি’ থকা মাইক্ৰনিউট্ৰিয়েন্ট ব্যৱহাৰ কৰাটো অতি নিৰাপদ তথা কম ব্যয়বহুল।

Exit mobile version