অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ একাংশ জনজাতীয় বড়ো মহিলাই দেখুৱাইছে নিদৰ্শন

IMG 20200513 WA0003

সম্প্ৰতি কৰ’না ভাইৰাছে সমগ্ৰ দেশৰ লগতে অসমতো ত্ৰাসৰ সৃষ্টি কৰিছে। কৰ’নাৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাব চৰকাৰে তলাবন্ধৰ লগতে কঠোৰ পদক্ষেপ লৈছে যদিও একাংশই নীতি নিয়ম ভংগ কৰি মাস্ক নিপিন্ধাকৈ ওলাই আহিছে ৰাজহুৱা স্থানত। যিয়ে ভয়াবহ ইংগিত বহন কৰিছে ।

ইয়াৰ বিপৰীতে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী শোণিতপুৰৰ মিছামাৰীৰ গোলাইত একাংশ জনজাতীয় বড়ো মহিলাই দাঙি ধৰিছে এক নিদৰ্শন । তলাবন্ধৰ বাবে জীয়াই থকাৰ তাড়নাত মিছামাৰীৰ গোলাইত প্ৰায় ২৫ গৰাকী বড়ো মহিলাই সামাজিক দূৰত্ব বর্তাই ৰাখি প্ৰতি গৰাকীয়ে মাস্ক পিন্ধি নিজৰ ঘৰতে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিছে বজাৰত ।

তলাবন্ধই বহুতৰে জীৱন সলনি কৰিছে। তলাবন্ধৰ বাবে এই মহিলাসকলৰ পৰিয়ালেও কষ্টৰে দিন অতিবাহিত কৰিছে । যাৰ বাবে এই জনজাতীয় বড়ো মহিলা সকলে নিজৰ বাৰীত উৎপাদিত শাক-পাচলিকে ধৰি বিভিন্ন সামগ্ৰী বিক্ৰী কৰিবলৈ আহিছে । জীৱন মানেইতো সংগ্ৰাম, সেয়ে এই দুৰ্যোগৰ মাজতো পেটৰ তাড়নাত এই বড়ো মহিলাসকলে কৰ্মৰ মাজেৰে দেখুৱাইছে নিদৰ্শন।

Exit mobile version