গছৰ পাত খাই ক্ষুধা নিবাৰণ অশীতিপৰৰ

old man eats leaf

তলাবন্ধৰ বাবে কলকাতা ৰে’ল ষ্টেছনত আবদ্ধ হৈ পৰিছিল উত্তৰপ্ৰদেশৰ এজন অশীতিপৰ বৃদ্ধ । আকস্মিক পৰিস্থিতিত পৰি এনে দুৰৱস্থা হ’ল যে কিছুদিন গছৰ পাত খাই ক্ষুধা নিবাৰণ কৰিবলগীয়া হয় । অৱশ্যে দুজন স্থানীয় যুৱকৰ সহৃদয়তাত গোৰক্ষ সিং নামৰ ৮১ বছৰীয়া লোকজনৰ ক্ষুধা নিবাৰণৰ ব্যৱস্থা হয় । উল্লেখ্য যে উত্তৰপ্ৰদেশৰ নাকাপুৰা গাঁৱৰ বাসিন্দাজনে বিশেষ কাৰণত কলকাতাত উপস্থিত হোৱাৰ পাছত তলাবন্ধ ঘোষণা হোৱাত ৰেল ষ্টেছনতে তেওঁ আবদ্ধ হৈ পৰে । দুদিনমান খোৱা বস্তু কিনি খাইছিল যদিও হাতত থকা টকাকেইটা শেষ হোৱাত বৃদ্ধ হৈ পৰে । সহায় কৰিবলৈকো কাষত কোনো নাছিল । সেয়ে দুটা দিন কেৱল পানীৰে কিমানদিন চলিব ? উপায় নাপায় দুটা দিন তেওঁ ষ্টেছনৰ কাষতে থকা গছৰ পৰা পাত চিঙি খাবলৈ বাধ্য হয় ।

বৃদ্ধৰে দুৰ্ভাগ্য, সেই স্থানত নাছিল কোনো ফলৰ গছ । লক্ষ্যণীয়ভাৱে বহু লোকে সেই দৃশ্য দেখিও কোনো ধৰণৰ সহমৰ্মিতা প্ৰদৰ্শন কৰা নাছিল । দুদিনৰ অন্তত বৃদ্ধই গছৰ পাত ভক্ষণ কৰা দৃশ্য প্ৰত্যক্ষ কৰে আছাদুল আৰু ফাৰুখ নামৰ দুজন স্থানীয় যুৱকে। সেই দৃশ্যই যুৱকদ্বয়ৰ অন্তৰ দহি পেলায়। তাৰ পাছৰে পৰা বিগত এমাহৰো অধিক দিন ধৰি যুৱকদ্বয়ে গোৰক্ষ সিঙৰ লগতে কলকাতা ৰেল ষ্টেছনত আবদ্ধ হৈ থকা আন ২৬ গৰাকী পুৰুষ মহিলা শিশুৰ বাবে ভাত-দাইলৰ ব্যৱস্থা কৰি আছে। ইয়াৰ উপৰি যুৱকদ্বয়ৰ প্ৰচেষ্টাতে আৰক্ষী আৰু স্থানীয় প্ৰশাসনে পুৱাৰ ভাগত উক্ত আবদ্ধ লোকসকলৰ খোলাৰ ব্যৱস্থা কৰে।

আনহাতে, নিশাৰ আহাৰ যোগান ধৰে আছাদুল আৰু ফাৰুখ নামৰ হৃদয়বান যুৱকদ্বয়ে। অশীতিপৰ গোৰক্ষ সিঙে জনোৱা মতে, এজন লোকৰ পৰা প্ৰাপ্য ধন আদায়ৰ বাবে তেওঁ উত্তৰপ্ৰদেশৰ পৰা কলকাতালৈ আহিছিল। সাত বছৰৰ পূৰ্বে কলকাতাৰ এজন লোকৰ ঘৰত তেওঁ ৰাজমিস্ত্ৰীৰ কাম কৰিছিল । সেই কামৰে কিছু ধন পাবলৈ বাকী আছিল । তলাবন্ধৰ পূৰ্বে তেওঁ ৰেলত আহি কলকাতাত উপস্থিত হৈ উক্ত লোকজনৰ গৃহলৈ যায় যদিও প্রাপ্য ধনখিনি তেঁও নাপালে । কিন্তু সেইদিনাই তলাবন্ধ ঘোষণা কৰাত সিং কলকাতাতে আবদ্ধ হৈ পৰে । কোনোমতে কলকাতা ৰেল ষ্টেছনত উপস্থিত হয় যদিও তেওঁ ঘৰলৈ উভতি যাব নোৱাৰিলে । অশীতিপৰ লোকজনৰ সংগী মাথো দুডাল লাঠি । সেই লাঠিৰ সহায়তে তেঁও দুৰ্বল শৰীৰটো ষ্টেছনৰ সিফালৰ পৰা সিফাললৈ টানি নি অনন্ত সময়খিনি পাৰ কৰিবলৈ চেষ্টা কৰি আছে।

Exit mobile version