বলিউদৰ অভিনেতা অক্ষয় কুমাৰৰ এক কোটিৰ অনুদানেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাইলেণ্ড নিৰ্মাণৰ কাম আৰম্ভ

IMG 20200506 171841

‘অসমৰ বান দেখি হৃদয় কঁপি উঠে…’ এনে এশাৰি বাক্যৰেই অসম তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিধ্বংসী বানত বন্যপ্ৰাণীৰ বিলাই বিপত্তিত সহমৰ্মিতা প্ৰকাশেৰে যোৱাবছৰ বানৰ সময়তে টুইটাৰযোগে এক বাৰ্তা প্ৰেৰণ কৰিছিল বলিউদৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে ৷ ইয়াৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তঃভাগৰ উন্নয়ন আৰু হাইলেণ্ড নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰদান কৰিছিল এক কোটিৰ সাহায্য ৷ যোৱা ২০ ফ্ৰেব্ৰুৱাৰীত অভিনেতাগৰাকীয়ে তেওঁৰ মহানুভৱতা প্ৰকাশেৰে প্ৰদান কৰিছিল এই বৃহৎ পৰিমানৰ ধনৰাশি ৷ এই সাহায্যৰেই সমাগত বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ দেশজুৰি হোৱা তলাবন্ধৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২৯৭ হেক্টৰ নৱ সংযোজিত ভূমিত চলিছে হাইলেণ্ডৰ নিৰ্মাণৰ কাম । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অন্তৰ্গত ন- সংযোজিত বান্দৰডুবি অঞ্চলত বন বিভাগে চলাই আছে এই কাম ।

উল্লেখ্য যে, ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত উচ্ছেদ কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী কলিয়াবৰৰ এই বৃহৎ বান্দৰডুবি গাওঁ । চৰকাৰৰ উচ্ছেদৰ পাছতে বান্দৰডুবি অঞ্চলৰ ভূমি ইতিমধ্যে চমজাই দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হাতত । এই বান্দৰডুবি অঞ্চলতে উদ্যান কৰ্তৃপক্ষই বৰ্তমানে নিৰ্মাণ কৰি আছে হাইলেণ্ড । বলিউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃ গাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা এক কোটি টকাৰ পৰা ষোল্ল লাখ টকা ব্যয়ৰে প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কার্য আৰম্ভ হৈছে। ইয়াৰ মাজতে বান্দৰডুবিৰ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক চমজাই দিয়াৰ ক্ষেত্ৰত স্থানীয় ৰাইজে প্ৰথমতে কিছু বিৰোধিতা কৰিছিল যদিও বৰ্তমান সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে ।

প্ৰাপ্ত তথ্য মতে এই হাইলেণ্ড নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতে ৰাষ্ট্ৰীয় উদ্যানখনৰ এই অঞ্চলটোৱে নতুন ৰূপ পোৱাৰ লগতে পৰ্যটন ক্ষেত্ৰতো আগবঢ়াব অৰিহণা ৷ হাইলেণ্ডৰ লগতে বনশিবিৰ উন্নিতকৰণকে ধৰি আন বহু আনুসাংগিক কামো কৰিব বনবিভাগে ৷ উল্লেখযোগ্য যে, যোৱাবছৰ বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১২টাকৈ বিশ্ববিখ্যাত এশিঙীয়া গঁড়সহ হৰিণাকে ধৰি মুঠ ১৪১ টা বন্যপ্ৰাণীয়ে কৰুণ মৃত্যুক সাৱটি লৈছিল ৷ বিলাই-বিপত্তি নোহোৱা হৈছিল বন্যকূলৰ ৷ এই দৃশ্য সংবাদ মাধ্যমৰ যোগেৰে প্ৰত্যক্ষ কৰিয়েই সহায় কৰিবলৈ আগবাঢ়ি আহিছিল বলিউদৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰ ৷

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে আনুষ্ঠানিকভাৱে পুনঃ সংযোজিত হৈছে ৩১৩ হেক্টৰ ভূমি ৷ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰি বনাঞ্চলৰ মুল ভূমিৰ লগত সংযোজিত হৈছে এই বৃহৎ পৰিমানৰ ভূমিভাগ ৷ আৰু এই ভূমিতেই বৰ্তমানে বলিউদৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে প্ৰদান কৰা এক কোটি টকাৰ ভিতৰত ১৬ লাখ টকাৰে নিৰ্মাণ হৈছে হাইলেণ্ড ৷ উল্লেখ্য যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বান্দৰডুবিৰ ২৯৭ হেক্টৰ আৰু দেওচুৰৰ ১৬ হেক্টৰ ভুমিত থকা সন্দেহজনক আৰু বেদখলকাৰী লোকক উচ্ছেদ চলাইছিল চৰকাৰ প্ৰশাসনে ৷ উচ্ছেদকালত আৰক্ষীৰ গুলিত নিহত হৈছিল দুজনকৈ লোক ৷ কিন্তু উচ্ছেদৰ বহুদিন পাছতো এই ভূমি হস্তান্তৰ নকৰি যোৱা ১৩ মে’ তাৰিখে এই ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে প্ৰদান কৰে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াই ৷ উল্লেখযোগ্য যে, আনুষ্ঠানিক নথিপত্ৰ হস্তান্তৰৰ পূৰ্বেই এই স্থানত হাইলেণ্ডৰ নিৰ্মাণকাৰ্য চলি আহিছিল ৷

Exit mobile version